পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/১৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৮
অসমীয়া সাহিত্যৰ চানেকি।

হে পিতৃ অধিকাৰী পাতিলা আমাক।
ৰাখিবাক নপাৰো সৃষ্টি সবাকে এৰি আইলো।
আৰোতিয়া গাঠি বেদৰ বাহিৰ উপক গাঠিগণ।
নকৰে মান বেদক নুশুনে॥

স্ৰজিলা বৈদ্য ধনন্তৰী।
অৰ্থ বেদ দিলো তাৰে হাতে॥
গুৰুক মৰি সেহি মন্ত্ৰ গাই।
তথাপিতো গাঠিৰ ভুৰি ভঙ্গ নাই॥

ইশ্বৰে বোলে শুনিয়ো কাহিনি।
তিনি জনে সৃষ্টি কৰিলা যৈসানি॥
চাৰি সন্যাসি মোত মাগি নিলা চাৰি চহৰ।
খৰ্ব্বহাজাৰ ধৰণি॥

এহি বুলি ঈশ্বৰে নামেতি ৰৈলা।
নাজাও নাজাও সত্যে সত্যে সৃষ্টিত নাহি কাজ॥
বেদৰ বাহিৰ গাঠি আমাক কৰে লাজ।
হেন শুনি ঈশ্বৰৰ ক্ৰোধ জ্বলি গৈলা॥

গু, গু, গু বুলি তিনি বেলি দিলা ডাক
তন্ত্ৰ মন্ত্ৰ বেদৰ বাহিৰ গাঠি গু হুই থাক॥
বিষ্ঠা যেন গু কৰু।
গাই গণ গু কৰু॥

তিনি কো বুলিলা।
পেন্ত বিগুম॥
আমাৰ অমোঘ বাণি খানিতে পাই।
সবেয়ে কহিলো নিচয়॥

হেন বাক শুনি ৰঙ্গ ভৈল।
তিনি জনে গুৰুক প্ৰনামি মন্ত্ৰখান শিকি লৈলা।
গৰ্ভতাকাৰ ত্ৰিগুণ ভৈলা॥
সমস্তোৰ গাঠি গু হুই পৰ।
লৈলা কৃষ্ণক প্ৰণামি উঠিলা তিনি জনা॥