পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/১৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৭
গু কৰতি।

বৈদ্য বোলে শুনৰে জীৱকে যে মনুষ্যক হিংসা
কৰে দেৱে দৈত্যে।
আৰু এক কথা ভৈলা না তাক কও॥
সবাহাৰ মন্দকৰ বেৰৰ বাহিৰ চুৰ চণ্ড বান
আমাক নামানে বেদক নুশুনে।
নৰ মনুষ্যক ৰক্ষা কৰো কেন মতে॥
হেন শুনি মহাদেৱ ব্ৰহ্মা পাশে গৈলা।
মহেশ্বক দেখি ব্ৰহ্মা শুধিবাক লৈলা।
বেদৰ বাহিৰে গাঠি স্ৰজিলা কোন ঠাই
ব্ৰহ্মা বোলে চাৰি বেদ জানো মই॥
ইহাৰ বাহিৰ গাঠি নাজানু নিশ্চয়।
অলোচিয়া দুয়ো নে বিষ্ণু পাশে গৈলা॥
ব্ৰহ্মাক হৰক দেখি আসন দিয়াইলা।
তাতে বসি দুয়ো জনে কহিবাক লৈলা॥
হে বিষ্ণু ভগৱন্ত জগত অধিকাৰী।
চৈধ তালে পৃথি সবে আছে জানি॥
নানা ব্যাধি ৰোগ ভূত প্ৰেত পিসাঞ্চ দৈত্য দানৱগণ।
বেদোৰ বাহিৰ গাঠ যত ইসব মনুষ্যক মাৰি ফুৰে॥
নমোস্তে বিষ্ণু বোলে হৈব ক্ষই।
ইসব কথা নাজানু মই॥
আলোচিয়া তিনি জনে উতৰ দিশে গৈলা।
লোকালোক এৰি পাছে জলখান পাইলা॥
বসিয়াছে পূৰ্ণকৃষ্ণ অনন্ত শয্যাত।
হাজাৰেক স্তম্ভ ফটিক প্ৰকাশে উসৃত বহল
ঘৰ সুবৰ্ণৰ কোটি
চন্দ্ৰতাপ উপৰত জিলি মিলি দেখিতে সুভন।
আঠভুজ বহু শ্যাম শৰীৰ যে ৰূপ॥
বেদ ভগৱন্ত বোলে হে ব্ৰহ্মা হে বিষ্ণু হে ৰুদ্ৰ
তিনি কি কাজে আসিলা আমা ঠাই।
তিনি জনে তুতি কৰি কহিবাক লৈলা॥