পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/১৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মন্ত্ৰ আৰু ভণিতা যুগ।৯১


কাটি। ইন্দ্ৰৰ চুৰ কাটো। চন্দ্র চুৰ কাটো। সুৰ্য্য চুৰ কাটো। ব্ৰহ্ম চুৰ কাটো। বায়ু চুৰ কাটো। বিষ্ণুচুৰ কাটো। মাত চুৰ কাটো। আন্তচুৰ কাটো। দান্তচুৰ কাটো। ভৰিচুৰ কাটো। মুষ্টিচুৰ কাটো। মাটিচুৰ কাটো। গৰ্ভচুৰ কাটো। গৰ্ভৰ নাভিচুৰ কাটো। দেখাচুৰ কাটো। খোঁজচুৰ কাটো। সংসাৰৰ কুমন্ত্রণা সকলো কাটো। মহেশ্বৰক স্মৰি সমস্তে শৰ মাৰি থৈলোঁ জান্তি। দেব অগ্নি মনুষ্যৰ শৰ কৰিলোঁ পানি। চল চল শৰ চল গুৰুৰ আজ্ঞায়। যি হানিছে শৰ সেই শৰ সমস্তে পৰ। নাচিল থিৰ ষৈসানি উতপতি ভৈলা, কালকুট শৰ। ৰামৰ শৰ। লক্ষণৰ শৰ। নাগ শৰ। পােতা শৰ। চিঙ্গলিয়া শৰ। পিঙ্গলিয়া শৰ। দেবশৰ। মনুষ্যৰ শৰ। ইন্দ্ৰ শৰ। চন্দ্ৰশৰ। বায়ুশৰ অগ্নিশৰ। উলতা শৰ। পালতা শৰ। দৈত্য শৰ। ইন্দ্ৰশৰ। যিহানিছে আমুকাৰ গাৱৰ শৰ। সেই শৰ তাৰ শৰীৰে পৰ। গুৰুক সুমৰি কৰতি ধৰিলোঁ ভাটি। আপােনাৰ মন্ত্ৰ ৰাখি আনৰ মন্ত্র পেলাইলো কাটি। জয় জয় কৰতি উতপতি ভৈলা। গোসাই যৈসানি সৃষ্টি আৰম্ভিল তৈসানি কৰতি উতপতি ভৈলা। নাছিল জল থল নাছিল আকাশ নাছিল চন্দ্র সূৰ্য্য কাৰো প্ৰকাশ। তৈসানি কৰতি উতপতি ভৈলা, দেৱতাৰ শৰ পেলা ইলা কাটি। দেবতাৰ শৰত যি ভৈলা। কৰতি মন্ত্রে দৈত্য দানৱৰ বান। শৰ কাটি কৰিলোঁ উচ্ছন্ন। কৰতি উতপতি হুই ধাই। ব্ৰহ্মাৰ শৰ ব্ৰহ্মাৰ বান, কাটিয়া পেলাই। যুগুনীৰ শৰ কাটো। বাহিৰে ব্ৰহ্মা মেলিলা বান। কৰতি মন্ত্রে কাটি কৰো খান খান। অধে কাটো উধে কাটো। মহাদেৱৰ আজ্ঞা পালোঁ কালকুট ব্যাধি পানি কৰোঁ।। খট খট পানি বস্ত্ৰ ৰােগ সব কৰিলোঁ পানি। কৰােতি মন্ত্র পঢ়ো মহাদেৱৰ আজ্ঞা পালোঁ। নাৰানি শৰ নিচকি শৰ গর্ত্তকি শৰ মাৰ শৰ কৰিলোঁ পানি। ব্রহ্ম কৰতি পঢ়ো। গুৰুৰ আজ্ঞা পালোঁ। অধে কৰতি উধে কৰতি পঢ়িলোঁ। যেবে বজ্ৰ হাৰা পানি কৰু তেবে। মনুষ্য বত্রিশ শিৰত কৰােতি মন্ত্র পঢ়ো যেৰে কালকুট হাৰ মানে পানি কৰু। তেবে চন্দ্র বান্ধো সূৰ্য্য বান্ধো । বত্রিশ নাৰিৰ পৰাই ব্যাধিক পানি কৰু। বাহিৰক যাই। কৰতি মন্ত্র পঢ়িলে ঠায় পানি হুই। যেই যেই পালে যাই। কাটিলোঁ হাৰা সবে আছে চাই। মেলিলোঁ ৰান কাটি কৰে নব খান। প্রথমতে দেবীয়ে মনুষ্যে কালকুট পৰ কাটি কৰো নব খান। বত্রিশ শঙ্কৰ কৰােতি মন্ত্রে কাটি পানি কৰো। চুন কৰতি পঢ়িলে শৰ সহস্ৰ ৰােল সিয়ো পানি হুই। বজ্রে বজ্ৰে কাটো হাৰা শৰ। সেগশৰ। লেগশৰ। চাহনি শৰ। অমিষ্য শৰ। উৰ্দ্ধশৰ।