পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/১৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯২
অসমীয়া সাহিত্যৰ চানেকি।

ভোস্যশৰ। পোৰাশৰ। চটকিশৰ। শনিশৰ। লুটিশৰ। লুটা শৰ। ঠেলাশৰ। মাটিশৰ। ভ্ৰমৰাশৰ। ভূমিশৰ। ৰাঙ্গলিশৰ। ঠকিশৰ। হেলিশৰ। ভাণ্ডশৰ। পৰুয়াশৰ। তালশৰ। সকল শৰ দিলোঁ থৈয়া। চুন কৰতি পঢ়ি পানি কৰোঁ। মহাদেৱৰ আজ্ঞা কৰোঁ ।গৰ্ত্তচণ্ড। পগলাচণ্ড। বায়ুচণ্ড বনিয়াচণ্ড। কৰতি পঢ়ো ব্ৰহ্মক ধিয়াই। মণ্ডক কৰো। পাখাৰ মাৰো চাটি, অনন্ত শষ্যাত গোসাই সূতিয়া আছন্ত। নিছাস কৰন্তে চাৰি বেদ বাজ ভৈলা। ব্ৰহ্ম কৰতি বিষ্ণু কৰতি কৰ্ম্ম কৰতি দেব কৰতি চাৰি কৰতি উতপতি ভৈলা। মুনি কৰতি কি চাওঁ স্বৰ্গৰ গাঠি মানে কাটিবাক যাওঁ। এহি শুনি কৰোতি মহ ক্ৰোধ ভৈলা। স্বৰ্গৰ গাঠি মানে কাটিবাক গৈলা। ইন্দ্ৰৰ গাঠি কাটো চন্দ্ৰৰ গাঠি কাটো সূৰ্য্য়ৰ গাঠি কাটো অনেকৰ গাঠি কাটো। মই যেবে হাতে কৰতি ধৰো ডাটি। পেলালো অমুকাৰ কুজ্ঞান মন্ত্ৰক কাটি। নিশা নাৱ পৰী সন্যাসীৰ বচন লৰস মহাদেৱৰ চক্ৰত পৰি মৰস। বায়ুৰ গাঁঠিক কাটো। থলৰ গাঁঠিক কাটো মাংসৰ গাঁঠিক কাটো। যেৰে মই কৰতি মন্ত্ৰ খান ধৰু ভাটি চৌষষ্টি কুজ্ঞান কুমন্ত্ৰ পেলালে কাটি। শুনি বিষ্ণু কৰতি মই কিবা চাউ। পাতালৰ গাঠি মানে পানি কৰি কাটিবাক যাওঁ। এহি বুলি বিষ্ণু কৰতি মহাক্ৰোধ ভৈলা। পাতালৰ গাঁঠিক কাটো। লক্ষণৰ গাঠি কাটো। ৰাক্ষসৰ গাঁঠিক কাটো। চৌষষ্টি গাঠিক কাটো। যেবে মই কৰতি মন্ত্ৰ খান হাতে ধৰু ডাৰ্টি। চৌষষ্টি কুমন্ত্ৰ কুজ্ঞান কুমৰ্ম্ম সমন্তে পেলালো কাটি। শুনি ৰুদ্ৰ কৰতি মই কিবা চাউ। স্বৰ্গৰ গঠি মানে কাটিবাক যাওঁ। এহি বুলি ৰুদ্ৰ কৰতি মহাক্ৰোধ ভৈলা স্বৰ্গৰ গাঠি মানে কাটিবাক গৈলা। ব্ৰহ্মাৰ গাঠি কাটো। বিষ্ণুৰ গাষ্ঠি কাটো। ৰুদ্ৰৰ গাঠি কাটো। খলৰ গাঁঠিক কাটো। দেৱতাৰ গাঁঠিক কাটো। সমস্ত গাঠিক কাটো। হাতে কৰতি মন্ত্ৰ খান ধৰু ডাটি। আজ মেলো জাঙ্গ মেলো মেলে! বত্ৰিশ নালা।

 চন্দ্ৰ সাখি, সূৰ্য সাখি। আমুকাৰ মুখ ৰাখি অন্তচুৰ মেলো। দান্তচুৰ মেলোঁ। চুলি চুৰ মেলোঁ। স্বৰ্গ চুৰ মেলো। ভৰি চুৰ মেলো। জল চুৰ মেলো। থল চুৰ মেলো। পাতালি চুৰ মেলো। চৌষষ্ঠি চুৰ চণ্ড মেলি পানি কৃত্য় কৰো। ব্ৰহ্মা মহাদেবৰ আজ্ঞা পালো। কুমন্ত্ৰ কজ্ঞান কুকৰ্ম্ম হাড়া মন্দ কৰা ৰোগ ব্যাধি চুন কৰতি পঢ়ি সমস্তকে পানি কৃত্য কৰো।