পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/১৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৩
গাৱঁলীয়া গীত।

লৰাহঁতৰ বাপেক বহি কি কৰা।
চাঁছ খন ধৰি পেলাই সূতা সৰু কৰা॥
ওচৰ চুবুৰীয়াই নুৰুলিলে খড়ি।
ছমাহলৈ পুৰিলে সূতাৰ চলি॥
গধুলি বেলিকা ভৰিলে তাঁত।
উজুতিত লৈ গল শহুৰেকৰ দাঁত॥
তাঁত খন তৰি তাই নঘঁহিলে তেল।
তাৰ মাঝে সৰকিল জুৰিয়া বেল॥
কত দিনৰ মুৰত তাইৰ কাপোৰ খন হল।
হেন কালে মিকিৰে কাপোৰ বিচাৰি গল॥
কাপোৰ দেখি মিকিৰে দিলে উঠি লৰ।
লৰালুৰী দিলে খেদা বুলি ধৰ ধৰ॥
ডাঙ্গি পাৰি কাপোৰ তাই থলে ছাঙ্গত তুলি।
দাল শলীয়াই লৈ গল বাহা বান্ধো বুলি॥