পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/১৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

টোকাৰী নাম।

যেতিয়া বিৰিখে  দুই পাত মেলিলে
 তললৈ মেলিলে শিপা।
সেই গছে জুপি  খোজে মহাদেৱে
 টোকাৰী সাজোঁ গৈ দিয়াঁ॥
মহাদেউ গোসাঞে  টোকাৰী সাজিলে
 বাটে পাৰেবতী গুণা।
ইঙলা, পিঙলা,  চিত্ৰা সুষুম্না
 এই চাৰি গছি গুণা॥
নেবাজে চেবাজে  দুখনি টোকাৰী
 আহিল ভাৰস্তলৈ নামি।
এখনি গলগৈ  পগলাৰ সঙ্গলৈ
 এখনি ভাৰস্তত থাকি॥
ছাঙ্গৰ ভাঙ্গএ মুঠি  নমাই আন পাৰ্ব্বতী
 আঁঠিয়া কলেৰে খাওঁ।
কৈলাসৰ টোকাৰী  নমাই আন পাৰ্ব্বতী
 ভিখা মাগিবলৈ যাওঁ॥
 দুখৰে উপৰি দুখ।
কুকুৰে কামোৰে  ছৱালে দলিয়াই
 ভিখাতো নিমিলে খুদ॥
 কিনো অমাতৰে মাত।
কাঠৰে টোকাৰী  লয় হৰিনাম
 মনিষে নেপালে তাক॥
বাটে বাটে যাবা,  মুৰ ডাঙ্গি নেচাবা,
 বেইচাত নকৰা ৰতি।
সাতে সাতো পুৰুষ,  নৰকত পড়িব
 জীবৰ হব অধোগতি॥