পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/১৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬২
অসমীয়া সাহিত্যৰ চানেকি।


এচাৰিয়ে বোলে মঞি সবাতকৈ সৰু।
মঞি নহলেযে নৰলে গৰু॥
যোঁতে বোলে মঞি দীঘলকৈ ৰুঁই।
মঞি নাথাকিলে গৰু কত ৰয়॥
মৈয়ে বুলিলে মঞি সবাতকৈ বলি।
মঞি নহলে নেভাগে দলি॥
মৈটকাই বোলে মোৰ আঙ্গুলি বেকা।
মঞিযে নহলে নহয় বোকা॥

——

(ঙ) যঁতৰৰ গীত।

সৰু জনীয়ে বুলিলে বড় জনী বাই।
পিজলি কপাহ খিনি কত কত পাই॥
পিজলি কপাহৰ মঞি জানো বুধি।
চাউল ছ পুৰাৰ পিঠাগুড়ি খুন্দি॥
মৰুৱা হাটৰে কপাহ আনে কিনি।
কপাহ কিনি আনি তাই আছিলেক গুণি॥
নেওঠনি আনি তাই পেলালে পেৰি।
নেওঠা কপাহ তাই থলে ছাঙ্গত তুলি॥
ধেনুখন আনি তাক পেলালে ধুণি।
এসেৰা কাটিলে ৰেতেওঁ তেওঁ।
এসেৰা কাটিলে পচলাৰ কেওঁ॥
এসেৰা কাটিলে মাজ নিশা ৰাতি।
তাৰে বান্ধিলে দঁতাল হাতী॥
এসেৰা কাটিলে সবাতকৈ সৰু।
তাৰে বান্ধিলে তটৰা গৰু॥
সূত খিনি কাটি তাই থলে ছাঙ্গত তুলি।
হালোৱাই লৈ গল মৈ জৰি বুলি॥