পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/১৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬১
গাৱঁলীয়া গীত।


খলিহৈ জনম  ধৰ তঞি পাৰ্ব্বতী
 তোকে বাড়িৰ চুকত পেলাম।
মোকে বাড়িৰ চুকত  পেলা তঞি পগলা,
 বাড়িৰ বড় গছে হম॥
বাড়ি বড় গছ  হবি তঞি পাৰ্ব্বতী
 তোকে নাও কাটি বাম।
মোকে নাও কাটি  বাবি তঞি পগলা
 মাঝতে বুৰায়ে মাৰিম॥

——

(ঘ) হাল বোৱা গীত।

হাবিতে আছিলে আঁকোৰা কাঠ।
বাঢ়ৈয়ে পাই তাত লগালে চাঁচ॥
চাঁচি চুৰুকি সাজিলে নাঙ্গল।
দেও দি উঠিলে হালোৱাৰ কান্ধত॥
নাঙ্গলে বোলে মোৰ পিঠিতে কুজ।
পূৱা হলে পিথবীৰে লাগি যাওঁ যুজ॥
ফালে বোলে মঞি বাঁহৰে চেচু।
পূৱা হলে উলিয়াওঁ বড় বড় কেচু॥
ডিলামাৰিয়ে বোলে মঞি সবাতকৈ পোন।
মোৰ সমানে নবয় কোন॥
বেঙ্গাই বুলিলে মঞি বাঁহৰ আখি।
মঞিহে নাঙ্গল আৰু ডিলা খওঁ ৰাখি॥
সলমাৰিয়ে বোলে মোৰ চাৰি ভাই ককাই।
আমি থাকো সদাই সৰগ চাই॥
আউত’জৰিয়ে বোলে মঞি তৰাৰে চিটা।
মোত বিনে ডিলা জুঁৱলী নেয়ায় জোতা॥
গৰুৱে বোলে মঞি দীঘল নেজা।
আমাৰ ওপৰত সবেও ৰজা॥