পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/১২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৪
অসমীয়া সাহিত্যৰ চানেকি


সোণাৰ বাটায় গুৱাপান জাৰি ভৰা পানী,
ধীৰে ধীৰে আসিল খণ্ডৰ জোঁৱাই বিদ্যমানি।
কোন চহৰে থাকা বাপু কোন চহৰে ঘৰ,
আইৰ নাম কমলমালা বাপা ধনেশ্বৰ।
শিওকালত বিয়া কৰাইছো মাণিক সদাগৰ,
নানান আড়ম্বৰে আসিছিলোঁ তোমাৰ ঘৰ।
ব্ৰাহ্মণ সজ্জনক আনি জিজ্ঞাস কৰি চাৱা,
প্ৰথম কাতি মাসে আমাক দিছাঁ বিয়া।
প্ৰদীপ লগাই কন্যা ঘাটৰ কুলে যাই,
স্বামী স্বামী বুলি কন্যা চৰণ ধুৱাই।
চৰণ ধুৱাই কন্যা মাগি লৈয়া বৰ,
স্বামীক বেঢ়িয়া নিলা মন্দিৰ ভিতৰ।

কাতি মাসতে কন্যা কাতিয়ান ধানৰ খোৰ,
বাৰ মাসৰ তেৰ গীত গাইয়া নাপাও ওৰ।
বাৰ মাসৰ তেৰ গীত লওৰে গণিয়া,
ইতো গীত গাইছে কোন জয়ধন বনিয়া।
জয়ধন বনিয়া নোহে শ্ৰীধৰৰ বাপ।
গাওঁতাৰ মুকুতি হোৱে শুনাৰ খণ্ডে পাপ।

——