পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/১২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩
বাৰমাহী গীত।

আজি ৰাতি চোৰ মই যাকে লাগল পাওঁ,
হতে গলে বান্ধি তাকে ৰাজঘৰে পথাওঁ।
চাৰি ফালে ৰাখি থম পহুৰী চাৰিটি,
দুৱাৰ মুখত বান্ধি থম মত্ত গজহাতী।
শিথানে পৈথানে লগাম ঘৃতৰ পাঞ্চ বাতি,
তীক্ষ্ণ খাণ্ডা হাতে ধৰি জাগিম চৌপৰ ৰাতি।
দাবৰি মাৰিম কন্যা মত্ত গজ হাতী,
থাপ দি নুমাম কন্যা ঘৃতৰ পাঞ্চ বাতি।
চটকি মাৰিম কন্যা ই পালি প্ৰহৰী,
তীক্ষ্ণ খাণ্ডা ভাজিম কন্যা মই টিপামাৰি।

ভাদৰ মাসতে কন্যা মাসৰ পৰিল শেষ,
হাসি খেলি বিদায় দিয়া যাওঁ নিজ দেশ।
তুমি হলা ভিন পুৰুষ আমি ভিন নাৰী,
বাপৰ শকতি নাই বিদায় দিতে পাৰি।
আমি তিন নাৰী সাউদ নাভাবিবি আন,
আপোনাৰ দোষে সাউদ হাৰাইবি প্ৰাণ।
বাপ বোলো ভাই বোলো সাউদ তোমাকে,
ধৰমক চিন্তি তুমি যোৱা ৰাজপথে।

আহিনৰ মাহতে কন্যা নিৰমল ৰাতি,
পৰ পুৰুষ নোহোঁ কন্যা তোৰ টিকৰ পতি।
পৰ পুৰুষ-নোহোঁ যদি আপুন ঈশ্বৰে,
খানিক ৰহিয়া থাকা ডিঙ্গাৰ উপৰে।
সোণাৰ বাটায় গুৱাপান জাৰি ভৰা পানী,
ধীৰে ধীৰে গেল কন্যা বাপৰ বিদ্যমানি।
কাৰ খাইছা, গুৱাপান কাক দিছা বিয়া,
হুই নুই তোমাৰ জোঁৱাই লওৰে চিনিয়া।