পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/১০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিহ নাম। ৪৯। ঝাঁহৰে বাটিতে তেৰোই উঠিলে নেজানি বুলিলে কোন। আহিব দিহিলো | গধূল পৰতে ভটিয়াই গলগৈ জোন ৪ ৫০। আমৰে দিনতে আমে মলিয়ালে কঠালৰ দিনতে মুচি। গহগছনীয়ে কুহি পাত মেলিলে | ধন গল উজানে গুচি। ৫১। হাতৰে আঙ্গুলী। | লোহোৰা লুহুৰী ভৰিৰে আঙ্গুলী ধন। কি খাই মাৰে তেকেননা তুলিলে চাই থাকিবৰে মন। ৫২। উলি তামোলৰে পুলি ঐ বইনা উলি তামোলৰ পুলি। তিনি ডাল ছুলিকে বান্ধ তুলি তুলি | গৰাকী নেলাগে বুলি। ৫৩। কি খাই তুলিলে। | লাহৰী মাৰে কি দি বঢ়ালে দুলি।। কাঠিৰ কুড়া যেন | লাহৰী ককালটি ঘোড়াৰ ফান যেন ছুলি। ৫৪। হাত মেলি মেলি দাবলৈ নেপালে পথাৰৰ মাৰি ধান।। হাঁচতী ভৰাই দিবলৈ নেপালে • আমাৰ পুলি গছৰ পান। ৫৫। চাই চাই বুলিব বাট ঐ লাহৰী চাই চাই বুলিবা বাট। | দেহৰ ভিতৰতে আছে খালে বাম

  • • পিচলি পৰিবা ভাত।