সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮৬
অসমীয়া সাহিত্যৰ অধ্যয়ন


মহাৰাজা ৰাজ্য কৰি খায় পাটেৰ উপৰ।
মএনামতী চৰ্থা কাটি ভাত খায় বন্দৰেৰ ভিতৰ।”

 এনে নানা পাপৰ ফলত ৰজাৰ কাল চাপিল। মইনামতীৰ ধৰ্মগুৰু গোৰক্ষনাথ আহি সান্ত্বনা দিলে বোলে তেওঁৰ স্বামীৰ মৃত্যুত তেওঁৰ এটি উপযুক্ত পুত্ৰ জন্মিব। সেই মতেই গোপীচন্দ্ৰৰ জন্ম হল, কিন্তু তেওঁৰ পৰমায়ু হল মুঠেই ওঠৰ বছৰ। ইয়াৰ বিৰুদ্ধে কৰা অভিযোগৰ সমিধান পালে, হাড়ি সিদ্ধক উপাসনা কৰিলে গোপীচন্দ্ৰ অমৰ হব। গোপীচন্দ্ৰই অলপ বয়সতে হৰিশ্চন্দ্ৰ ৰজাৰ কন্যা “অদুনাক বিআও কৈলে পদুনাক পাইল দানে।’’ যেতিয়া মইনামতীয়ে পুতেকক হাড়ি সিদ্ধৰ শিষ্য হবলৈ সন্ন্যাস গ্ৰহণ কৰিবলৈ কলে তেতিয়াই লাগিল লেঠা! যি হওক, অনেক কষ্ট আৰু পৰীক্ষাৰ মূৰত গোপীচন্দ্ৰ হাড়ি সিদ্ধৰ শিষ্য ছৈ পিতাকৰ ৰাজ্যলৈ উলটি আহিল; আৰু অপায়-অমঙ্গল দূৰ কৰি দেশত শান্তি থাপিলে;

 মইনামতীৰ গান, গোপীচন্দ্ৰৰ গান, পাঁচালী আৰু সন্ন্যাস, গোৰক্ষবিজয় আদি বিভিন্ন নামত এই গীতবোৰ ভাটিৰ ৰংপুৰ (বৰ্তমান উত্তৰ বঙ্গ) অঞ্চলত প্ৰচলিত; কিন্তু গ্ৰিয়াৰ্ছনৰ দ্বাৰা প্ৰচাৰিত নোহোৱা কাললৈকে বঙ্গবাসীৰ কাণত এইবোৰ আচহুৱা আছিল বুলি সুবিজ্ঞ সম্পাদক দুজনে সৈ কাঢ়িছে, অথচ গোপীচন্দ্ৰক কোনোবা গোবিন্দচন্দ্ৰ এজনৰ লগত সানি-পুতকি বঙ্গৰ ৰজা পাতিবলৈ দুশ্চেষ্টা এৰা নাই।

 ১৮০৯ত বুকানন হেমিল্টনে ভাটিৰ ৰংপুৰৰ ডিমলাত এখন পুৰণি নগৰৰ ধ্বংসাৱশেৱ দেখি আহি লিখিছিল—'তিষ্টা নৈৰ মোচৰ এটাৰ মৰা দুমাইলমান দূৰত ডিমলাৰ নামনিত চাৰিওফালে গড় মৰা এখন নগৰৰ ভগ্নাবশেষ আছে, কামৰূপৰ পালবংশৰ প্ৰথম (শেষ?) বা ধৰ্মপালে ইয়াক সজোৱা বোলে।...ধৰ্মপালৰ দুৰ্গৰ পৰা দুমাইলমান পছিমেই দেও নৈৰ পছিম পাৰত ধৰ্মপালৰ বোৱাৰীয়েক মইনাৱতীৰ (মইনামতী বা মীনাৱতীৰ ) দুৰ্গ। ইয়াৰ দক্ষিণে অলপ দূৰত হৰিশ্চন্দ্ৰৰ পাট বুলি ঘূৰণীয়া মৈদাম এটা আছে...ইয়ে ধৰ্মপালৰ পাছত ৰজা হোৱা মইনাৱতীৰ পুতেক গোপীচন্দ্ৰৰ শহুৰেক হৰিশ্চন্দ্ৰৰ যে মৈদাম, তাত কোনো খুকুৰি নাই৷’’ ( ষ্টেটিষ্টিকেল একাউন্ট, অব, কুচবেহাৰ, ৩৬০-৬২ পি )