পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮৭
“গোপীচন্দ্ৰৰ গান’’—ৰংপুৰ গীতিকা


 গোপীচন্দ্ৰৰ বিষয়ে প্ৰচলিত সমস্ত সাহিত্যৰ লগত গবেষণামূলক আবিষ্কাৰৰ বিৰুদ্ধেও প্ৰদেশ-প্ৰীতিৰ ইমান বেগ!! সি যি হওক, উড়িষ্যাতে। এই গোপীচন্দ্ৰৰ কাহিনী সংগৃহীত হৈছে, আৰু উজনি অসমৰ “জনা গাভৰুৰ গীত”ৰ নায়ক গোপীচন্ কোঁৱৰো সম্ভৱ একেজনেই। যুগী (যোগী ) বা নাথ ধৰ্মৰ মানুহবিলাকৰ মুখে মুখেই এই গীত আৰু কাহিনীবোৰ সদৌ পূব ভাৰতত বিয়পি পৰা সম্ভৱপৰ; এই নাথ সম্প্ৰদায়ৰ প্ৰতিষ্ঠাতা একাধিকজনো হব পাৰে নিশ্চয়। চতুৰ্দশ শতিকাৰ মাধৱ কন্দলীৰ ৰচনাত এই মানুহবোৰৰ এটি ধেমেলীয়া বৰ্ণনা আছে।—

“যোগীৰ কান্ধত
লুৱৰন্তে লয়-
পাইলেক ভাগৰ
মুখে শিৱ শিৱ
আস্ বুলি যোগী
পূজিবাক লাগি

 

কানি ঝুলি যত
ৰন্তে পাছে চান্ত
ভোকণ্ডা কাখৰ
সুমৰন্তে আতি
আচাৰি পেলাইলে
পাছে পাইবোঁ দেৱ

 

হাতে দোৱাদশ কাথি।
হিয়া মানে গৈল ফাটি॥৬।
সৱে পৰি গৈল গলি।
পলাইলা যত তাপসী॥ ৭।
পূজাৰ দেৱতা মান।
থাকয় যেৱে পৰাণ॥৮৷

( অযোধ্যা কাণ্ড )

 মুঠ দুকুৰি সাত-আঠটি বৌদ্ধ দোহাৰ তেৰটিৰ ৰচয়িতা সিদ্ধ কাহ্নু পাদ তথা কৃষ্ণাচাৰ্য্যই ষষ্টত্ৰিংশতম দোহাত নিজক জলন্ধৰিপাদ তথা হাড়িপাৰ শিষ্য বুলিছে; আৰু এই হাড়ি পাই গোপীচন্দ্ৰৰো দীক্ষাগুৰু; গতিকে কৃষ্ণাচাৰ্য্যৰ সময়েই গোপীচন্দ্ৰৰ সময়, তেওঁৰ সম্পৰ্কীয় গীতবোৰ প্ৰথম ৰচনা তাৰ পৰা এশ বছৰ মানৰ ভিতৰৰ৷ কিম্বদন্তী আৰু ৰামচৰণৰ গুৰুচৰিত অনুসাৰেও অসমত ধৰ্মপাল ৰজাই (বোৱাৰীয়েক মীনাৱতীৰ সৈন্যৰ লগত যুজত হাৰি সন্ন্যাসী হৈ) নিজ ৰাজ্য এৰি যায়। লিপিমুলক প্ৰমাণৰ পৰা ধৰ্মপালৰ কাল দ্বাদশ শতিকাৰ আগছোৱা; গতিকে এই গীতবোৰৰ প্ৰথম ৰচনাৰ কাল ত্ৰয়োদশ শতিকাৰ আগ নহব। বঙালী পণ্ডিত সকলে গোপীচন্দ্ৰৰ ভুল পৰিচয় আৰু সৰল গীতবোৰৰ জটিল ব্যাখ্যা কৰি প্ৰাচীন-গন্ধী বঙলা বুলি ভুলকৈ একাদশ শতিকালৈ হেচুকিব খোজা যে প্ৰমাদজনিত তাত সন্দেহ নাই।