পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

“গোপীচন্দ্ৰৰ গান”—ৰংপুৰ গীতিকা


ৰহস্যৰ কথা, অকল শৈৱ-শাক্ত-মনসা-বৌদ্ধ মতেই নহয়; নাথ (যোগী ), ধৰ্ম্ম, সহজীয়া আদি মতো প্ৰাচীন কামৰূপত, ঘাইকৈ পছিম ছোৱাত বিশেষ প্ৰচলিত আছিল। আৰু এই সম্পৰ্কতো অসম অন্ততঃ সমগ্ৰ উত্তৰ-পূব ভাৰতৰ লগত জড়িত আছিল। “ময়নামতীৰ গান” বুলি ভাটিব ৰংপুৰৰ মানুহৰ মুখৰ পৰা কিছুমান জন-গীত গোটাই জয়ে জয়ে ছিনে ১৮৭৮ এছিয়াটিক ছছাইটিৰ জাৰ্ণেলত প্ৰকাশ কৰে; সেইখিনি আৰু তাৰ লগৰ কিছুমান গীত একেঠাই কৰি ১৯২২ ত কলিকতা বিশ্ববিদ্যালয়ে “গোপীচন্দ্ৰেৰ গান” বুলি দুই খণ্ড উলিয়াব। ভাটিৰ ৰংপুৰ ৰাজনৈতিক, সাংস্কৃতিক সকলো প্ৰকাৰে পুৰণি কামৰূপৰ অঙ্গ আছিল যদিও, পৰবৰ্তী কালত ই বঙ্গৰ ভিতৰত পৰা বাবে তাক বঙলুৱা ভাবি সেই ৰূপত সম্পাদন কৰা সংগ্ৰহৰ আৰম্ভণ এই :—

“মাণিকচন্দ্ৰ ৰাজা’ ছিল ধৰ্মী বৰ ৰাজা।
মএনাক বিন্না কৰিল তাৰ নও বুড়ি ভাৰ্য্যা॥
মএনাক বিন্না কৰি ৰাজাব নাপূৰিল মনেৰ আশ।
তাৰ পৰ দাৰপুৰৰ পঞ্চ কন্যা বিবা কৰি পূৰি গল মনৰ হাবিলাস॥
আজি আজি কালি কালি বাৰ বছৰ হৈল।..
দেখিবাৰ নপৰি মহাৰাজ (মএনাক) ব্যাগল কৰি দিল।”

পাদটোকাত দিয়া ইয়াৰ পাঠান্তৰ অনুসৰি—

ময়নামতীৰ বিআও হৈল মাণিকচন্দ্ৰেৰ ঘৰে।
সিন্দুৰমতীৰ বিআও হৈল নীলমণি ৰাজাৰ ঘৰে॥
মএনক বিআও কৰি ৰাজা পঞ্চাশ বিআও কৰে।
বুঢ়া দেখি মএনামতীক ব্যাগল কৰি দিলে॥
মহাৰাজা ৰাজ্য কৰি খায় পাটেৰ উপৰ।
মএনাক ঘৰ-বন্দী দিলে ফেৰুসাৰ বন্দৰ॥