পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/৭৯

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭০
অসমীয়া সাহিত্যৰ অধ্যয়ন


বিপুল তাক আটায়ে মানে; আৰু সেইদেখি মন্ত্ৰ-সাহিত্যত জন-জাতীয় কুসংস্কাৰৰ আগ ভাগ।

 আলোচনাৰ সুবিধাৰ বাবে দ্বাদশ শতিকাতে আমি অসমীয়া মন্ত্ৰ-সাহিত্যৰ ধৰণি ধৰিছোঁ। অসমৰ নৱ-জন্মসূচক বৈষ্ণৱ আন্দোলনৰ উন্মেষৰ পাছত কুসংস্কাৰপূৰ্ণ মন্ত্ৰ-সাহিত্য নতুনকৈ ৰচিত হোৱা সম্ভৱপৰ নহয় বুলিয়ে; কিন্তু তাক ডাঠি কব নোৱাৰি। এই প্ৰসঙ্গত জুলছ, ব্লখে আমালৈ শিখিছিল, “মন্ত্ৰবোৰ বাস্তৱতে বৈষ্ণৱ আন্দোলনৰ পূৰ্ববৰ্তী বুলি আপুনি বিশ্বাস কৰে নে? ইউৰপতে দেখোন আজিও ন-ন কুসংস্কাৰে ঠাই পাইছে।”

 যোগিনী তন্ত্ৰৰ ৰচনা কোনো-কোনোৱে বহুত আগৰ বুলিব খোজ। কিন্তু তাত আহোম আৰু মুছলমান আক্ৰমণৰ সঙ্কেত ভবিষ্যৎবাণী ৰূপে দিয়াৰ পৰা এইটো খাটাং হয় যে সেইবোৰ আক্ৰমণৰ পাছত তাৰ "ভবিষ্যৎ বাণী’’ কৰা হৈছিল। সেইদৰে “আহোমৰ বাণ-গাঁঠি কাটোঁ”, “মোগলৰ বাণ-গাঁঠি কাটোঁ।” আদি মন্ত্ৰৰ পৰাই সেইবোৰ যে উক্ত দুই জাতিৰ আক্ৰমণৰ পাছৰ তাত সন্দেহ নাথাকে।

 কিন্তু জন-সাহিত্যৰ সাধাৰণ যুগ-বিচাৰত যি নীতি অৱলম্বন কৰা হৈছিল, ইয়াতো তাক প্ৰয়োগ কৰিব লাগিব। এই মন্ত্ৰ-সাহিত্যও সৌ-সিদিনালৈকে লিপিবদ্ধ হোৱা নাছিল, আৰু লিপিবন্ধ হোৱাৰ পাছতো মুখে মুখে ভাবৰ সাল-সলনি হোৱাত বাধা নাছিল; গতিকে এনে উপৰুৱা সাল-সলনিৰ পৰা যুগ-নিৰ্ণয় কৰা নিৰাপদ নহয়। আমাৰ বিচাৰ এয়ে, মধ্য যুগৰ অমা-নিশাই কুসংস্কাৰপূৰ্ণ মন্ত্ৰ-সাহিত্যৰ জন্মৰ উচিত লগ্ন; জ্ঞানৰ নৱজন্মৰ পাছত সি আঁৰত ডাঙৰ-দীঘল হব পাৰে, কিন্তু তাৰ প্ৰাণ-বস্তুৱেই যেতিয়া আমাৰ প্ৰধান অনুসন্ধানৰ বিষয় তেতিয়া আমি আন উপৰুৱা কথালৈ কাণ দিব নোৱাৰোঁ৷ মন্ত্ৰৰ ভাষা আদি যে প্ৰায়খিনিয়েই পাছৰ যুগৰ পোহ-পোৱা সি অৱশ্যে স্বীকাৰ্য্য।

 “আই নাম”ৰ দৰে এই বিধ জন-সাহিত্যই “নাম”ৰ মালা মুৰত নোলোৱা কথাও বিশেষ লক্ষ্য কৰিব লগীয়া; তাৰ অৰ্থ এয়ে যে ই কোনো কালেই বৈষ্ণৱ সমাজত জীণ যাব পৰা নাছিল। বৌদ্ধ প্ৰভাৱৰ দেহ-বিচাৰৰ গীত আদিত “মাধৱ দাস”ৰ ভণিতা আছে। কিন্তু কোনো মন্ত্ৰত শঙ্কৰ-মাধৱৰ নামৰ গোন্ধ নাই; অৱশ্যে আন হাতে অনেক মন্ত্ৰই শ্ৰীকৃষ্ণ-ব্ৰহ্মা-বিষ্ণুৰ নাম