পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/৭৮

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬৯
তন্ত্ৰ-মন্ত্ৰ—তান্ত্ৰিক প্ৰভাৱৰ সাহিত্য


সি সাঁথৰৰ দৰে হৈছে : অথচ সেই প্ৰকাৰেও তাত শিল্প-চাতুৰ্য্য ওলাই পৰিছে। “শীত সৰিয়হ মীত মাহ। শৰণত নাকাটে বেত বাঁহ।” —আমি জানো, ইয়াৰ অৰ্থ কৰিবলৈ দিলে বস্তুতে হয়বা ‘শীত’ক জাৰকালি বুলিব, কিন্তু “মীত’’ৰ হয়। অৰ্থ বিচাৰি কপজপাই ফুৰিব। কিন্তু চতুৰ শিল্পীয়ে যে একাদশী, দ্বাদশী, এয়োদশী আদি শী-অন্ত তিথিবোৰ, আৰু সপ্তমী, অষ্টমী নম্বমী আদি মী-অন্ত তিথিবোৰ বুজাইছে তাক অলপ লোকেহে বুজে। “জালুকত গোবৰ পাণত মাটি। কলাপুলি ৰুবা তিনিবাৰ কাটি॥” ইয়াৰো শেষ ফাকিৰ অৰ্থ লৈও কোনো কোনো বেমেজালিত পৰা দেখা হয়। এজোপা কল গছ কলে তাৰ পৰা তিন থোক কল কটাৰ পাছতহে তাৰ পৰা হোৱা কলপুলি খানি নি আন ঠাইত ৰুবগৈ লাগে; এয়ে ইয়াৰ মৰ্ম। গীতি-সাহিত্যৰ অৰ্থাৎ আই-নাম, বিয়া-নাম, ধাই-নামৰ সুক্ষ্ম সৌন্দৰ্য্য ইয়াত নাই সচা, কিন্তু ইয়াৰ গাঢ় সম্পূৰ্ণ বেলেগ, আমাৰ ফকৰাবোৰত ইয়াৰ গঢ়টো অলপ দেখা হয়; কিন্তু তাৰ সাহিত্য-সৌন্দৰ্য্যৰ কাৰণেই হক বা আন কাৰণেই হক, ডাল-পাত জোৰা দিয়া কথা ইয়াত এটিও নাই।

“মিলন’’ ৩য় বছৰ, ৩য় সংখ্যা : জেঠ-শাওণ, ১৮৪৭ শক।

⸻⸺


তন্ত্ৰ-মন্ত্ৰ—তান্ত্ৰিক প্ৰভাৱৰ সাহিত্য


“অনন্ত গোসাঞি শুতিয়া আছন্ত।
চাৰি বেদ বাজ ভৈল নিশ্বাস কাঢ়ন্ত!!...
অথৰ্ব বেদক আদ্য কৰতি কহে।
কৰতি মন্ত্ৰ জগতত বহে॥’’

উপাসনা-মন্ত্ৰৰ মূল যিদৰে যজুৰ্বেদ, কৰতি আৰু কুমন্ত্ৰৰ মূল সেইদৰে অথৰ্ববেদ বুলি সাধাৰণভাৱে ঠাৱৰাব পাৰি আৰু ওপৰৰ শাৰীকেইটিয়ে তাক সমৰ্থন কৰে। অন্ততঃ অথৰ্ব বেদত অনাৰ্য্য আৰু জনজাতীয় প্ৰভাৱ যে