আৰু তত্ত্বও গ্ৰহণ কৰিছে, আৰু ৰামায়ণ-মহাভাৰত-পুৰাণৰ কথাও সাঙুৰি
বলৈ দ্বিধা বোধ কৰা নাই।
ব্ৰহ্ম-কৰতি ৰুদ্ৰ-কৰতি আদি কৰতি মন্ত্ৰৰ উপৰিও পখীৰাজ মন্ত্ৰ, বাৰভনী বিষালী মন্ত্ৰ আদি অনেক মন্ত্ৰ আছে; বিষয় অনুসাৰে বা ন-পুৰণি স্বৰূপে এই মন্ত্ৰবোৰৰ শ্ৰেণী-বিচাৰৰ কোনো দিহা এতিয়ালৈকে হোৱা নাই, ই দুখৰ কথা। মন্ত্ৰ-সাহিত্যৰ গোপনীয়তা আৰু ব্যৱসায়মূলক ৰক্ষণশীলতা সত্ত্বেও ভাষাৰ সংৰক্ষণশীলতা সততে হানি হোৱা কথাও সাৱধানে মন কৰিব লগীয়া।
শ্ৰীকৃষ্ণায় নমঃ। ধন্বন্তৰিয়ে নমঃ।
পক্ষীৰাজ মন্ত্ৰে পাছে পুত্ৰ ভৈলা। উপজিল যৈসানি ব্ৰহ্মা সৃষ্টি কৰিলা॥
সৃষ্টি-মধ্যে পক্ষীৰাজ উপজিলা। সাতো স্বৰ্গ কম্পিবাক লৈলা॥
ব্ৰহ্মাৰ দৃষ্টিত লাগিল হুৰি। ত্ৰিকালে বোলে যাওঁ কোন পুৰী॥
কালবৰ্ণ পখী দেখন্তে অতি ডৰ। চক্ষুদ্বয় দেখন্তে যেন অগ্নি বৰণৰ॥
ঠোট গোট দেখি হেঙ্গুলৰ বৰ্ণ। বজ্ৰ নখৰ ঘাৱে থৰহৰি কম্প॥”
“শ্ৰীকৃষ্ণায় নমঃ। ধনন্তৰ্য্যে নমঃ।
“চক্ষুৰ হন্তে, কৰ্ণৰ হন্তে, হিয়াৰ হন্তে, মাংসৰ হন্তে, তেজৰ হন্তে, হাড়ৰ হন্তে, পেটৰ হন্তে, পিঠিৰ হন্তে, নাভিৰ হন্তে, কঙ্কালৰ হন্তে, দন্তৰ হন্তে, পাৱৰ হন্তে, এই বাৰ ভনী মায়া ব্ৰহ্মায়ে স্ৰজিলা। ব্ৰহ্মা বলে শুনা মায়াগণ। মাৰি খায়ো মোৰ লোকগণ॥ হেন শুনি মায়াগণে চৰণ নমিলা। যমৰ পুৰত যাই উপগত ভৈলা ॥ যমপুৰে বেৰাইলোাঁ কিছু বোলন্তা নাই। এৱে বাৰজনী ওলটো দুনাই৷ বায়ু ৰূপ ধৰি ব্ৰহ্মাৰ পাশে গৈলা। পাইলোঁ যমলোকে বুলি ব্ৰহ্মাক জনাইলা॥”
“শৰীৰৰ সম্বল মাংস খান। তাত দিলেক বজ্ৰ নখৰ ঘাৱ।
ছিটিকিয়া তেজ আকাশক গৈলা। সূৰ্য্যৰ আঠটা ৰশ্মি ভৈলা।
সেই তেজ ফুটি পৃথিবীত পৰিলা। ৰঙা ফুল হৈ পৃথিবীত ৰৈলা॥