পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬৮
অসমীয়া সাহিত্যৰ অধ্যয়ন


হৈছে। কিছুমান বিষয়ৰ যি উদাহৰণ তুলি দি দেখুওৱা হল তাৰ পৰা অসমীয়া সৰ্ব্বসাধাৰণৰ জ্ঞান-ভঁৰালৰ বেলেগ বেলেগ কুঠৰীত ডাকৰ বচনে কি অমূল্য লখিমী ঠাহ খুৱাই ভৰাই থৈছে তাক ভাবিলে আচৰিত নহৈ নোৱাৰি। অথচ এনেকুৱা আৰু অনেক বচন হয়বা বৰ্ত্তমানলৈকে পাবৰ সুবিধা হোৱা নাই। অসমীয়া ঘৰুৱা জীৱনত এই বচনবোৰৰ প্ৰভাৱ কি তাক অসমীয়া মানুহে কেৱল অন্তৰৰো অন্তৰত বুজে, প্ৰকাশ কৰিব নোৱাৰে।

 ডাকৰ বচনখিনি ছন্দত আছে, কিন্তু ছন্দৰ কোনো নিয়মৰ বান্ধত সেই- বোৰ সোমোৱা নাই; প্ৰকৃততে তাৰ বহুত দিনৰ পিছতহে হয়বা ছন্দৰ নিয়ম ওলাইছে। সেইদেখি আমি ডাকৰ বচনত ছন্দ-বন্ধৰ বাহিৰীয়া স্বাভাৱিক সাহিত্য-সৌন্দৰ্য্য এটা যেনেকৈ পাওঁ, সেইদৰে ইয়াত ছন্দৰ জন্ম আৰু তাৰ ক্ৰমবিকাশলৈ গতি কৰা অৱস্থা এটাও মন কৰিব পৰা হয়। এই কথা অসমীয়া নামবোৰ আৰু ফকৰাবোৰতো সমান খাটে। ছন্দৰ আদি জন্ম বোধ কৰোঁ অনুপ্ৰাসত, দুটা মিল উচ্চাৰণ একে ঠাই হলে কাণৰ সহায়ত যি এটা সুখ মনলৈ আহে, সেই সুখেই ইয়াৰ আদি জন্মাস্থান বুলি বোধ হয়। এটা শব্দতে আমি এনে অনুপ্ৰাস পাব পাৰোঁ, যেনে—“কিনো পৈ হুতাই- তাই। লোণ সানিবলৈ তৎ নাপায়॥” (ফকৰা)। ইয়াৰ পিছত হয়বা ক্ৰমে এশাৰী বা দুশাৰীৰ চুটি বাক্যলৈ এই অনুপ্ৰাস বাগৰি আহিল। ফকৰাত পাওঁ- “কবলৈ নাই একো৷ বোলে হেকো হেকো।” আৰু ডাকৰ বচনত তাতোকৈ চুটি বাক্য পোৱা হয়—“কুকুৰত মাটি। সাপ লাঠি। মহত লৰ। বাঘ থৰ॥’’

 ডাকৰ বচনৰ প্ৰাচীনত্ব, আমাৰ ঘৰুৱা জীৱনত ইয়াৰ মহৎ প্ৰভাৱ আদিৰ কথা সম্প্ৰতি এৰি দি সাহিত্যৰ ঘৰে চালেও ইয়াৰ সৌন্দৰ্য্য অনেক বিষয়ত অতুলনীয়। সেইবোৰৰ ভিতৰত আটাইতকৈ মন কৰিব লগীয়া কথা হৈছে ইয়াৰ ভাষাৰ কাৰ্য্যতৎপৰতা আৰু মিতব্যয়িতা। বচনফাকিয়ে যিটো সাৰ উপদেশ দিব খুজিছে তাক অতি সুন্দৰভাৱে মুকলিকৈ কৈ দিছে, অথচ তাত এনে এটা শব্দ নাই যিটো শব্দই বাক্যটোত এনেয়ে ঠাই পাইছে। সাহিত্যৰ সৌন্দৰ্য্যৰ কাৰণেও এটা শব্দ সোমোৱা নাই; শব্দটোৰ তাত আন কৰ্ত্তব্যই আছে, অথচ তাত সাহিত্যৰ সৌন্দৰ্য্যও অটুট আছে। অনেক বচনৰ ভাষা এনেদৰে চাপ খুউৱা হৈছে তাক হয় বুজাই বুজিব, কিন্তু নুবুজাৰ কাৰণে