পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/৭৬

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬৭
ডাকৰ বচন—বৌদ্ধপ্ৰভাৱৰ সাহিত্য


ভাত নখাইলে ভোকতে মৰি॥ হীৰা মাণিক থাকয় অপাৰ। খাদ্যগাল নহলে মৰণে সাৰ॥ ধনৰ মধ্যত ধানেসে শোভন। ধান নহলে মৰা তেতিক্ষণ॥ এতেকে কৃষিক কৰিবা সাৰ। দুৰ্ভিক্ষত কৃষি কৰে নিস্তাৰ। নাঙল-বলদত সবাৰে আশ। যাৰ নাই তাৰ সকলে নাশ॥ জেঠ মাস গৈলা বিনা নাঙলে। তাৰ কিমতে কিৰিষি ফলে॥ কিৰিষিত যদি কৰিবা মন। হাল-গৰু ৰাখি কৰা যতন॥ মাজে জল যদি যায় বহিয়া। খাই সুখে থাক ঘৰে বসিয়া॥ তেৰিয়া ভূমিক লৱে সুবুদ্ধি। ঘন আলি দিবা সৱাক সুধি॥ শাওণৰ কঠিয়া নহয় ধান। আহিনৰ গোছ বিফল জান॥ আহিন-কাতিত ৰাখিবা পানী। যেনেকৈ ৰাখে ৰজাই ৰাণী॥ আলিৰ ওপৰে দিবাহা আলি। খেতি হল বুলি জানিবা ভালি॥ কিৰিষি কৰিবা একান্ত মনে। নফলে কিৰিষি বিনা যতনে॥ আহু কৰা খোজত বুৰি। শালি কৰা বেগত জুৰি॥ আঠুৰ ওপৰত থাকে পানী। হাত গতে গোছ দিবা জানি॥ কৃষি ৰাখিবা বেৰি যতনে। সাফল কৃষি মানিবা মনে॥ কৃষি কৰিবা ওচৰ ভাগে। ডাকে বোলে মোৰ মন লাগে॥ ঘন সৰিয়হ পাতল মাহ। আৱৰণ দি দিবা কপাহ॥ তিনি শ ষাঠী জোপা ৰুবা কল। মাসেকে-পযেকে চিকুণাবা তল॥ পাত-পচলা লাভত খাবা। লঙ্কাৰ বাণিজ্য ঘৰতে পাবা॥ আঠীয়াত গোবৰ মনোহৰত জাবৰ॥ পুৰাত খাই। মালভোগত ছাই॥ সাতে পাতল, পাঁচত ঘন। ছয়ত তামোল নদন-বদন॥ জালুকত গোবৰ, পাণত মাটি। কলাপুলি কৰা তিনিবাৰ কাটি॥ পূবে হাঁহ। পছিমে বাঁহ। উত্তৰে গুৱা। দক্ষিণে ধুৱা॥"

 নীতিকথা গৃহ-শিক্ষাৰ জানগৰ্ভ বচনেৰে ভৰা :—“ডাকৰ বচন বেদৰ বাণী। পো-লগা বোৱাৰী ঘৰলৈ নানি॥ তোকো বঞ্চে, মোকো বঞ্চে৷ ভাল ভাল বস্তু পুতেকলৈ সাঞ্চে॥ চক্ষু থাকোঁতেও নহবা কণা। ই তিনি কথা জগতে জনা॥ জাপি লাঠি টনা। ইয়াক এৰিলে দিনতে কণা॥ শিয়ে পিয়ে লিয়ে। এই তিনি চাৰি ওপৰতে জীয়ে॥ পঢ়ে পঢ়ায় ৰোৱে পাণ। এই তিনি-চাৰি নিচিন্তে আন॥ আহাৰ নিমিলে নামাৰ জাতি। সূৰ্য্যলৈ চাই তিনি কামোৰ মাটি॥ হাতী-ভালুকত বাগি। বৰাত কাটি, গড়ত উঠি॥ কুকুৰত মাটি। সাপত লাঠি॥ মহত পৰ। বাঘত খৰ॥’’ এনেকুৱা বচনেই আছলতে কিমান হাজাৰ আছিল তাক ঠাৱৰোৱা টান বুলি আগতে কোৱা