পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

চৰ্য্যাচৰ্য্যবিনিশ্চয়—বৌদ্ধ দোহা


নেপাল দৰবাৰৰ গ্ৰন্থশালত ৰক্ষিত চৰ্য্যাচৰ্য্যবিনিশ্চয় নামৰ মূল পুথিৰ পৰা ১৯০০ ত টুকি অনা বৌদ্ধ দোহাখিনি বঙ্গৰ হৰপ্ৰসাদ শাস্ত্ৰীয়ে “এক হাজাৰ বছৰৰ আগৰ বঙলা ভাষা’ৰ নিদৰ্শন বুলি প্ৰকাশ কৰাৰ লগে লগে পূব-ভাৰতীয় আধুনিক ভাষাবোৰৰ ভিতৰত এটি আলোড়ন হয়। প্ৰথমতে, বঙালীৰ বাহিৰে হিন্দী, উড়িয়া, মৈথিলী আৰু পিছে পিছে অসমীয়ায়ো এইবোৰ নিজ নিজ ভাষাৰ পক্ষে দাবী কৰে; আৰু দ্বিতীয়তে, আধুনিক এই উত্তৰ পূব-ভাৰতীয় ভাষাবোৰৰ আদিম নিৰ্ভৰযোগ্য লিখিত নিদৰ্শন ইয়াৰ বাহিৰে নাইও। এংলো-ছেক্সন সাহিত্যৰ লগত ইংৰাজীৰ যি সম্পৰ্ক এই দোহাবোৰৰ ভাষাৰ লগত এই উত্তৰ-পূব ভাৰতীয় ভাষাগোষ্ঠীৰ প্ৰত্যেকৰে সৰহ-তাকৰ তাতকৈ ওচৰ সম্বন্ধ যে সন্দেহ নাই।

 চৰ্য্য বা আচৰণীয়, আৰু অচৰ্য্য বা অনাচৰণীয়, বিনিশচয় বা নিৰ্দ্ধাৰণ ইয়াৰ নামৰ অৰ্থ; বৌদ্ধ ঘাইকৈ সহজ-যান পন্থৰ ই বিধি-নিষেধৰ পুথি। ইয়াত মুঠতে একুৰি তিনিজন বৌদ্ধ সিদ্ধ কবিৰ দুকুৰি ছয়টা সম্পূৰ্ণ গীত পোৱা হয়। বৌদ্ধ আৰু বৈষ্ণৱ ধৰ্মৰ দাৰ্শনিক তত্ত্ব-তথ্যৰ সুমেৰু-কুমেৰু ভেদ মানি লৈ, ইয়াৰ প্ৰায় ৬০০|৭০০ বছৰৰ পিছৰ বৰ-গীতৰ লগত ইয়াৰ বাহিৰৰ গঢ়ৰ আচৰিত মিল দেখিবলৈ পোৱা হয়। বৰগীতৰ দৰেই এই বৌদ্ধ গানবোৰো নিৰ্দিষ্ট ৰাগত বন্ধা, অক্ষৰ-বৃত্ত মিলিতান্ত ছন্দৰ নাতিদীৰ্ঘ, শিক্ষাপূৰ্ণ, দাৰ্শনিক তথাযুক্ত ঘনীভুত ভাষাৰ ৰচনা। বিশেষ ধ্যান-ধাৰণাৰেহে অৰ্থ উলিয়াব পৰা হয় দেখি এইবোৰ “সন্ধ্যা” ভাষাত ৰচিত বোলা হৈছিল। বিশিষ্ট শব্দাৱলী আৰু ব্যাকৰণতো এই গোষ্ঠীৰ আন আন ভাষাতকৈ অসমীয়াত মিল সৰহ; লুইপাদ, সৰহ-পাদ আদি চাৰি-পাঁচজন কবি পুৰণি অসমৰ বুলি দাবী কৰা হয়।

 হিন্দু দৰ্শনৰ “ব্ৰহ্ম সত্য জগন্মিথ্যা’’ তথ্যৰ দৰে, “সৰ্বং অনাত্মন্ নিৰ্বাণং শান্তম্’’ তথ্যই এই বৌদ্ধ গানবোৰৰ সাৰ-বাণী বুলিব পাৰি। অহং ভাবৰ বিলোপ-সাধন বা বাসনাৰ নিবৃত্তিয়েই নিৰ্বাণ, এই নিৰ্বাণেই দুখ নিৰোধৰ।