প্ৰকৃষ্ট উপায়, আৰু গুৰুমুখী বিদ্যাৰ বলেৰেহে ইয়াক সাধন কৰিব পাৰি,
এনেবোৰেই সৰহখিনি গীতৰ মূল কথা। তদুপৰি কিছুমান দোহা অতি
ৰহস্যবাদী; দেহ-বিচাৰ নাড়ী-তত্ত্ব আদি অনেক কথা ৰূপকভাৱে অতি
বিতোপনকৈ বৰ্ণোৱা হৈছে, গতিকে ইয়াৰ কাব্য-মূল্যও যথেষ্ট আছে। বৌদ্ধ
গীতবোৰত অতি তাকৰ কথাৰে অতি সৰহ ভাব, সৱাৰে উপৰি তাৰ
দাৰ্শনিক তথ্য বা শিক্ষা শাল মৰা দি পঢ়োঁতাৰ মনত কেনেকৈ সুমুৱাই দিয়ে
তেনে বিষয়ত ই আধুনিক ছনেট বা চতুৰ্দ্দশপদীৰ দৰে। প্ৰথমটি দোহাৰেই
উদাহৰণৰ মূৰ মেলা হওক; তাতেই উক্ত প্ৰায়বোৰ গুণ দেখা পোৱা হব:
১। ৰাগ পটমঞ্জৰী লুইপাদানাম্
কাআ তৰুবৰ পঞ্চ বি ডাল।
চঞ্চল চীঅ পইঠো কাল।"
দিঢ় কৰিঅ মহা সুহ পৰিমাণ।
লুই ভণই গুৰু পুছিঅ জাণ॥
সঅল সমাহিঅ কাহি কৰিঅই।
সুখ-দুখেতেঁ নিচিত মৰিঅই॥
এড়ি এউ ছান্দক বান্ধ কৰণেক পাটেৰ আল।
সুনু পাখ ভিতি লেহুৰে পাস॥
ভণই লুই আমহে ঝাণে দিঠাঁ।
ধমণ চমণ বেণি পিণ্ডি বইঠা॥
ভাঙনিঃ 'কায়া তৰু, পঞ্চ (কৰ্মেন্দ্ৰিয়) তাৰ ডাল। চিত চঞ্চল, তাত সোমায় কাল॥ চিত দৃঢ় কৰি মহাসুখৰ ( নিৰ্বাণৰ) লোৱঁ পৰিমাণ। লুইএ গুণে গুৰুক পুছি লোৱাঁ জ্ঞান॥ সকলো সমাধি লৈয়েই বা কি কৰিবাঁ। সুখ-দুখত নিশ্চিতভাৱে মৰিবাঁ॥ এৰি এই বাসনাৰ বান্ধ, ইন্দ্ৰিয়-তৃপ্তিৰ আশ। শূন্য (নিৰ্বাণ) পক্ষৰ ভিত্তিৰ লোৱাঁ হেৰা পাশ॥ ভণে লুইএ আমি ধ্যানত দেখা। ধমন-চমন দুই যোগ-পীড়িত বসাঁ॥’ ইয়াত ব্ৰাহ্মণ্য সাধন-পন্থাৰ