পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৪
অসমীয়া সাহিত্যৰ অধ্যয়ন


 সৰুতে আইটী, মাকক সুধিলে, ‘মোৰ লগত কি বস্তু দিবা?’
 ‘মোৰ আই নুমলী, সোণৰ দোৰপতি, মহুৰা কাঠিকো নিবা॥'
 বৰঘৰত কান্দিলে, নেওথনি-যতৰে, মাৰলত কান্দিলে ভনী।
 বাৰীৰ পিছে ফালে, কান্দে তাঁতশালে, আইটীক বিয়া দিব শুনি॥
 চালতে কান্দিছে, লেটায়ে চেৰেকি, মড়লত কান্দিছে মাকে।
 সমাজৰ মাজতে, পিতাদেউ কান্দিছে, কেলৈ কান্দিব লাগে॥

 প্ৰকৃতিৰ সকলো পদাৰ্থ আৰু মানুহৰ ভিতৰেদি আত্মাৰ একেডালি কনকসূত্ৰ দেখা ইংৰাজ কবি ৱৰ্ডছৱৰ্থৰ সেই সত্যৰ চৰম বিকাশ অৰ্থাৎ প্ৰকৃতি আৰু মানৱৰ অভেদ-আত্মাৰ চূড়ান্ত নিদৰ্শন অমৰ কবি কালিদাসৰ “শকুন্তলা” আৰু তাৰে চতুৰ্থ অঙ্কত বাজে যেনেকৈ আন ক'তো পাবলৈ নাই; অসমীয়া তিৰুতাৰ লগতো তাঁত-সূত, লেটাই-চেৰেকিৰ এনে নেৰা-নেপেৰা মৰ্ম্মভেদী সম্বন্ধ ওপৰৰ গীত কেফাকিৰ দৰে আন, সাহিত্যত পাবলৈ আশা কৰা ভুল। এই একে কৰুণ সুৰতে আকৌ—

 আইদেউৰ মজিয়াত, কোনে উমলিলে, কৰ্ছন চৰাইৰে পাখি।
 আন্ধাৰি মজিয়া, পোহৰাই আছিলা, ৰামে লৈ যাব আজি॥
 ইটাৰ গড়ে মাৰি, সীতাই তুলা ধুনে, বাতে নাৰেবতী সূতা৷
 নিবলৈ আহিছে, লোকৰ ৰামচন্দ্ৰ, যাবলৈ লাগিছে চিতা॥
 আগেয়ে ককাইদেউ, কৈ ফুৰিছিলা, আইদেউ কতবাৰ খায়।
 এতিয়া ককাইদেউ, চোৱা মন কৰি, বৰ ঘৰ শুদা হৈ যায়॥
 উচুপি উচুপি, নাকান্দা আইটী, আমাৰ পুৰি আহে হিয়া।
 পুত্ৰ হলাহেতেন, ৰখাই থলোঁহেতেন, কিকৈ দিওঁ মাধৱত বিয়া॥

এই গীতবোৰৰ ঘন কৰুণ-ৰসৰ উপৰিও শব্দবাচনি, উপমা, অনুপ্ৰাস আদি সকলো অতি মনোৰম। “ইটাৰ গড়ে মাৰি সীতাই তুলা ধুনে” নামটিত “ইটা”, “সীতা”, “বাটে”, “নাৰেবতী সূতা", "চিতা” আদিত “ত”ৰ; আৰু “নিবলৈ”, “লোকৰ", "লাগিছে” আদিত “ল”ৰ অপূৰ্ব্ব সমাবেশে এটি অভিনৱ সৌন্দৰ্য্য সম্পাত কৰিছে। সৰলতা বিষয়ত ওপৰৰ শেষফাকি নামত “পুত্ৰ হলাহেতেন, ৰখাই থলোঁহেঁতেন” আদি ভাব-ব্যঞ্জনাৰ চৰম প্ৰান্তত উপনীত হৈছে। এইদৰে চাওঁতে চাওঁতে আইটীৰ বিচ্ছেদ-ভাৱনা ইমান,