পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৩
বিয়া নাম


 নাৱৰ তলিপাতে, শেলাই ঐ বাপুদেউ, নাৱৰ তলিপাতে শেলাই।
 বিধি পঢ়িবলৈ, বাপুদেৱ বহিছে, নাও যেন পেট পেলাই॥

সীমা পাৰ নহলে দৰাঘৰীয়া কন্যাঘৰীয়া উভয়ে উভয়ক জুৰি গোৱা এই নামবোৰ শুনিবলৈ অতি আমোদজনক, যেন এক সুন্দৰ মানসিক ব্যায়াম- প্ৰতিযোগিতা। কন্যাঘৰীয়ায়ে পোনতে জোকাই ল'লে—

 লোণে আমেলখি, খালা ঐ কলীয়া, লোণে আমেলখি খালাঁ।
 কোনোবা জনমত, তপস্যা সাধিলা, সীতা হেন সুন্দৰী পালা॥

দৰাঘৰীয়াই আকৌ তাৰ চুঙা চাই সোপা দিলে—

 বাঁহৰে চেৰেকী, কলী ফেৰেকী, তাইহঁতে যচাইছে চোৱাঁ।
 নিয়ে কি নিনিয়ে, জাঁতলী যখিনী, আমাৰ সোণামুৱা দৰা॥

আৰু কিছুমান জোৰা নাম আছে, সিবোৰত মিঠাৰ বাহিৰে তিতাৰ নাম- গোন্ধো নাই; যেনে, হোম ভগাৰ পাছত দৰা-কন্যা ভিতৰলৈ যাওঁতে গোৱা—

 আইদেউৰে আঁচলতে কিবা মধু আছে।
 মধু-লোভী বোপাদেৱে ফুৰে পাছে পাছে॥

কিন্তু বিয়ানামৰ মুধচ ফুটা গৰিমা পাইছেগৈ তাৰ কৰুণ ৰসত জুবুৰিওৱা গীত- বোৰত। সুচতুৰা নামতীসকলে একোটা উপমাৰ চলেৰেই কন্যাৰ মাক-বাপেকৰ মনৰ ভাব কাঢ়ি আনি এনে একোখনি কৰুণ চিত্ৰ আঁকে যে শ্ৰোতামাত্ৰকে চকুলো টোকাইহে এৰে। অতি বিচিত্ৰ কথা এইহে, তেওঁলোকে শোকৰ এই পুণ্য প্ৰবাহ অকল মানুহ বা আন সজীৱ পদাৰ্থৰ ভিতৰে বোৱায়ে নেৰে, তেওঁলোকে এই বেজাৰৰ সুতি বোৱায় অসমীয়া ছোৱালীৰ অতি লাকতৰ বস্তু নিৰীহ লেটাই-চেৰেকীৰ মাজেদিও। এয়ে অসমীয়া তিৰুত-কবিৰ শ্ৰেষ্ঠ মৌলিকতা। মহাকবি কালিদাসৰ কল্পনাই ‘মেঘদূত’ৰ প্ৰকৃতি ৰাজ্যৰ প্ৰজা মেঘ, নৈ, পৰ্ব্বত আদিকহে সজীৱ কৰি তুলিছিল, কিন্তু অসমীয়া তিৰুতা- কবিৰ কল্পনাত শুকান বাঁহেও ইনাই-বিনাই কান্দি শাওণৰ মেৰ দৰে চকুলো টুকিছে –

 পধূলিৰ মূৰতে, তামোল তিনি জুপি, তাৰ মাজে তৰিছে তাঁত।
 মাকোৰ ঘিটঘিটনি, গামখাৰুৰ বাজনি, নুশুনি আইদেউৰ মাত॥