পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৫
পটন্তৰ-মালা—যোজনা-ফকৰা


জীৱন্ত হৈ উঠিলগৈ যে ই সহনৰ সীমা পাৰ হৈছে-“আইটী নামেৰে, কন্যা নুতুলিবা, গৰ্ভতো নিদিবা ঠাই।’’

 এই গীতবোৰত ইমান সৌন্দৰ্য-সন্নিবেশ আছে, সেই বুলি জানো কৰবাত অকণো চেষ্টাাৰ ছাঁ পৰিছে? বাগ্দেবীৰ নিজ মুখেহে যেন সেইবোৰ ওলাই পৰিছে! এই নামবোৰৰ (ঘোষা ) জাতবোৰো এনে মিঠা, এনে অনুপম! যেনে,—“সীতা! আইদেউ নবহে, দলিছা তিতা!!’’ তিতা দলিছাত আইদেউ বহিবই বা কিয়? আইদেউহে যি ৰূপহী!—

 ইকৰাৰ বেৰেদি, কি চা জুমি জুমি, ন জোন ওলাইছে বুলি।
 একে বগীতৰা, সোণৰ গিলিপ-মৰা, দাপোণ চাই মেলাইছে চুলি॥

নকলেও হব যে এই সৌন্দৰ্য্য —

 “জলৰ নহয় ইটি, নহয় থলৰ।
 দিব্য জ্যোতি সুকবিৰ সপোন পুৰৰ॥’’

“বাঁহী’’ ত্ৰয়োদশ বছৰ, নৱম সংখ্যা, মাঘ, ১৮৫৫ শক।

⸻⸺

পটন্তৰ-মালা⸺যোজনা-ফকৰা


সকলো ভাষাত আৰু জনসাহিত্যত তাৰ জাতীয় পটন্তৰ-মালাৰ প্ৰভাৱ বিশেষ লক্ষ্য কৰিব লগীয়া। অসমীয়া পটন্তৰ-মালা বুলি আমি ঘাইকৈ এই ভাষাৰ যোজনা-ফকৰা আদি সকলো প্ৰচলিত বচনকে সামৰিছোঁ। অসমীয়া ডাকৰ বচনৰ লগত বাহিৰে ইয়াৰ অনেক মিল থাকিলেও, দুইৰো অন্তৰ্প্ৰকৃতি একেবাৰে সুকীয়া। আমাৰ চেপি উলিওৱা পটন্তৰৰ পুথিকেখনত এই দুবিধ সাহিত্য একেলগে জপতিয়াই লৈ এক বেমেজালিৰ সৃষ্টি কৰা হৈছে। এতিয়া আমি ধৰা মতে পটন্তৰ-মালাই কেইবাটাও গঢ়ৰো হব, আৰু বাকসংযম বা সংক্ষিপ্ততাই এই বংশৰ সকলোবোৰৰে উমৈহতীয়া তেজ-মঙহ স্বৰূপ। এইমতে গদ্যৰ এডোখৰ বা আধাডুখৰীয়া বাক্য বা উপমা, নিছেই চুটি বা অলপ দীঘলীয়া