পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২১
বন-ঘোষা


মালা। সৃষ্টি-পাতনিৰে পৰা মানুহৰ হিয়াত এনে কত শত ঢৌ উঠি মাৰ গৈছে, কিন্তু সেই সত্য চিৰন্তনৰূপে ৰৈ আছে। যৌৱনৰ এই লীলা খন্তেকীয়া মোহৰ সপোন নহয়, ই গোটেই জীৱন-সপোনৰ লগত জীৱন্ত! এনে নানা বৈষম্যৰ মাজতো অন্তৰৰ প্ৰতিধ্বনিয়ে মানুহৰ অন্তৰাত্মা পৰশ নকৰাকৈ নাথাকে। কোটি কোটি ব্ৰহ্মাণ্ডৰ বিশাল বিশাল সৌৰ জগতৰ পৰা ধৰি সূক্ষ্মাতিসূক্ষ্ম বৈজ্ঞানিক অণু-পৰমাণুলৈকে সকলো এক মহতোৰ্মহীয়ান আকৰ্ষণত মুগ্ধ, এক বিৰাট প্ৰেম-স্পন্দনত নৃত্যমান! ই মানুহৰ অন্তৰত নিহিত আছে আৰু ছেগ পালেই ই আত্ম-প্ৰকাশৰ সুবিধা নেৰে। এই সুপ্ত আকৰ্ষণ, বাটত সম- দুৰ্ভগীয়াক লগ পাই ব্যক্ত হৈ উঠে, আৰু তাৰ পৰা এই খন্তেকীয় যাত্ৰাৰ ভিতৰতো যি বহুমূলীয় সম্বল পায়, তাক সি চিৰকলীয়া কৰিবলৈকো বিচাৰে,—

 পিৰিতি শুদা গুণ, মহঙৰ কেচা লোণ, থবা যতনেৰে বান্ধি 1
 কিবা ময়া কৰি, হেৰাব লাগিলে, বিচাৰি নাপাবা কান্দি॥
 পৰ্ব্বতে পৰ্ব্বতে, খালোঁ বীৰাজৰা, খোপাত গুজি নিছিলোঁ লোণ।
 হাড়ৰ মাজে মাজে, সুমুৱাই আনিছোঁ, সৰুটি চেনাইৰে গুণ॥

 পেটৰ জুই আৰু অন্তৰৰ কাম-বাসনা যে সৃষ্টিযৰ দুটি প্ৰধান চলন্ত শক্তি তাক নুই কৰিবৰ উপায় নাই। সিহঁত সংসাৰ ৰথৰ এযুৰি চকা, ইহঁতৰ এটিৰ অবিহনেও সংসাৰ অচল হলহেতেন। এই কথা বঢ়িয়াকৈ বুজিয়ে চতুৰা প্ৰকৃতিয়ে দুইটাকে একেলগে সাঙুৰি দিছে! প্ৰথমতে তেওঁ সকলো জীৱৰে মনত কাম ভাব দিছে, তাৰ ফল সন্তান-উৎপাদন; এই সন্তানৰ বাবে আৰু নিজৰ কাৰণেও আহাৰৰ আৱশ্যক হল, এইদৰেই সকলো প্ৰাণীয়ে “জগত” নাম সাৰ্থক কৰে। গুৰিতে সৃষ্টিকৰ্ত্তাই প্ৰাকৃতিক সৃষ্টি-পালনৰ এই দুটি গুপুত মন্ত্ৰ দি নোযোৱা হলে প্ৰাণী-সমাজত কোন কাহানিয়ে ধৰ্ম্ম-ঘট হলহেতেন তাৰ ইয়ত্তা নাই। মানুহৰ অন্তৰত যিদৰে সন্তান-পৰম্পৰা এই কাম ভাবৰ পোনতে অঙ্কুৰ মেলে, সি অতি অভাৱনীয়। সন্তান ভূমিষ্ঠ হল, ইকোলা সিকোলা বগাই সি ডাঙৰ হল; একোৰে শঙ্কা নাই, একোৰে চিন্তা নাই। কিন্তু যেই শৈশৱ পাৰ হল, অঙ্গৰাগ বাঢ়ি উঠিল; নতুন তেজ, নতুল বল, বাৰিষাৰ ধলৰ দৰে ওফন্দি আহিবলৈ ধৰিলে। চকুৰ আগত যেন এক অভিনৱ নতুন,