পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২০
অসমীয়া সাহিত্যৰ অধ্যয়ন


“তাঁতৰে শালতে দেখিবৰে পৰা পেটলৈ যোৱা নাই ভাত"; এই অতি- আনন্দ স্বৰ্গীয় নিৰাশাৰ পৰা সৰহ নিলগত থকা নাই।

 মিলন প্ৰায়ে বিজুলীৰ দৰেই তীব্ৰ উজ্জ্বল আৰু ছয়াময়। সৰহ কি, জ্যামিতিৰ বিন্দুৰ দৰে সংসাৰত ইয়াৰ অস্তিত্ব থাকিব পাৰে, কিন্তু ব্যাপকতা নাই। প্ৰেমৰ স্থিতি বিশেষভাৱে বিষহত; প্ৰেমত বিৰহ মাথোন সাৰ।

 লাহিকৈ কেতেকীৰ পাহি, ঐ মইনা, লাহিকৈ কেতেকীৰ পাহি।
 বুকুত দিয়ে গলি, জীয়া জুই একুৰা, মুখৰ লৈয়ে গলি হাঁহি॥

 যৌৱন আৰু প্ৰণয়ৰ প্ৰাৰম্ভতে যেতিয়া কিবা হৃদয়-ৰোগে বাহ লয়, তেতিয়া বছতে ভাবে বোলে কিবা ভেবেলি-লতাৰ বন-দৰৱেই তাক ভাল কৰিব, কিন্তু সি মিছা। এপাহি চেনি-চম্পা ফুল,—তাক দেখিও হেঁপাহ নুগুচে, হাতত লৈ সুঙিও তৃপ্তি নপলায়; সি প্ৰেম-তৃষ্ণা জগাই তুলিব পাৰে সচা, কিন্তু তাৰ নিবাৰণৰ উপায় তাত নাই। “চাইনোকৈ থাকিলে, হাবিয়াহ নপলায়, নাখালে নুণ্ডচে ভোক”; কিন্তু এই “বালিঘাটৰ বেঙেনা” খায়ো জানো ভোক গুচে? কি শাৰীৰিক, কি মানসিক কোন ক্ষুধা-তৃষ্ণাৰ কেতিয়া “খাই" নিবাৰণ হৈছে? নাখাই ঐ নোৱাৰি, খালেও নামুৱায়, বান্ধৈৰ থুৰী তামোলখনি”—এয়ে অৱস্থাটোৰ প্ৰকৃত সৌন্দৰ্য্য আৰু কাৰুণ্য; তাতেই তাৰ ৰসে ডোঙা বান্ধিছে। স্বৰ্গীয় কবি কুমাৰী তৰু দত্তই কবৰ দৰে “হৃদয়-কুসুম ফুলিলে এবেলি, যাব নে দুনাই জাপ?'’ প্ৰণয়ৰ এনে যাতনাৰ হাত সাৰিবলৈ বুলিয়ে এনে অৱস্থাত বহুতে কৰ্ত্তব্যত শৰণ মাগে। কিন্তু সূৰ্য্যৰ দৰে অনিৰুদ্ধ প্ৰেমেও তাতেই ভূমুকি মাৰি সকলো বিফল কৰি দিয়েগৈ—

 তাঁত-বাতি কৰোঁতে, নাহিবি বুলিলোঁ, বহি বৈ আছিলোঁ তাঁত।
 মোৰে মূৰ-খোৱা, তই যে সোণামুৱা, পিছৰ পৰা লগালি মাত॥
 আৰ্ছিৰ কনুৱা গণ, ঐ লাহৰী, আৰ্ছিৰ কনুৱা গণ।
 ৰাখিব পাৰোঁ মই, হাতৰ পানীচলু, ৰাখিব নোৱাৰো মন॥

এইদৰেই বিপদে পুনৰ মৰ-জাহ দিবলৈ মাতি নিয়েহি। এই অৱস্থাটোক শুদা সংযম-হীনতা বুলিলে অলপ ভুল কৰা হয়; ই সংসাৰ-খেলৰ ঢৌৰ এধাৰি