জগতৰ দুৱাৰ মুকুলি হল; প্ৰতি খোজ, প্ৰতি দৃষ্টিত, কিবা বাধা পৰিবলৈ
ধৰিলে। শঙ্কা-চিন্তা দুয়ো হাত ধৰাধৰি কৰি আগত ঠিয় হলহি; খন্তেক
থমকি নিজ দেহত উদ্ভিন্ন নব যৌৱনৰ লক্ষণ-প্ৰকাশ দেখি চক্ খাই উঠিল!
“ইনৈত বুৰে মাৰি, সিনৈতে ওলালে, কাৰে পোহনীয়া উদ?”
বন-ফুল প্ৰতিভাৰ চহা কবিৰ এই গীতফাকি বিশেষ অৰ্থব্যঞ্জক। নৈত উদ, মাটিত তৰাৰ গজালি আৰু পাটগাভৰুত উদ্ভিন্ন নব যৌৱনৰ লক্ষণে দেখা দিয়া, সকলো সত্য; কিন্তু অকল স্বাভাবিক সত্যই নয়, অভিনৱও। এই অভিনৱ সত্যকে আৰু অভিনয় কৰিছে তিনিওটি অভিনৱৰ সমাবেশে, ঘাইকৈ পোনৰটিৰ ভূমিকাই। উদটি পোহনীয়া হলেও তেনেই জাতি নহয়, সি “ইনৈত বুৰ মাৰি সিনৈত ওলালে।” এই বিচিত্ৰতাৰ ৰহনেই পাছৰ দুফাকিত ছিটিকি পৰিছে; অকল উদটিয়েই নহয়, গাভৰুৰো সেই যৌৱন-লক্ষণ কৰবাৰ মনৰ মাজত বুৰ মাৰি কৰবাত এই শৰীৰত দেখা দিয়েহি!! বাস্তৱতে, ই এক বিচিত্ৰ বিৱৰ্ত্তনৰ যুগ। নৰ-নাৰীৰ এই প্ৰথম পৱিত্ৰ সৌন্দৰ্য্যৰ এই মহা পয়োভৰ কি পৰম উৎসৱ উদ্দেশ কৰি উৎসৰ্গিত হৈছে? তাৰ চৰম সাৰ্থকতা। কিহত? ফুল যেতিয়া কলি হৈ থাকে, বা ফুলৰ পৰা যেতিয়া গুটি হয়, তেতিয়া তাৰ কাষলৈ ভোমোৰা নাহে; সেইদৰে নাৰীৰ বাল্যৰূপ আৰু সন্তান-প্ৰসৱৰ পিছৰ অৱস্থাত এটা বেলেগ মোহিনী গুণ থাকিব পাৰে, কিন্তু তাত যৌৱনৰ সেই মাদকতা নাথাকে, অৰ্থাৎ সি কোনো ক্ষুধা-তৃষ্ণাৰ কাৰণ নহয়। গতিকে গম ধৰিব পাৰি, যৌৱনত সৌন্দৰ্য্যৰ এই মহা পয়োভৰ কেৱল সৃষ্টি বা সন্তান- উৎপাদনৰ পৱিত্ৰ উদ্দেশ্যে এটি সুমঙ্গল অভিযান মাথোন; উভয় পক্ষৰ ৰূপ- যৌৱন, সৃষ্টিৰ বাবে আহ্বান-সঙ্কেত; আৰু প্ৰেম-আকৰ্ষণ কেৱল সৃষ্টিৰ দাৰুণ ইচ্ছা। ৰূপ-যৌৱন তেন্তে সৃষ্টিৰ পৱিত্ৰ মন্দিৰৰ সিং-দুৱাৰ; যিমান দিনলৈকে প্ৰাণী জড় দেহত সৃষ্টি কৰিবৰ জোখাৰে শক্তি গোট নাখায়, সিমান দিনলৈকে এই সিংহদুৱাৰ মুকলি নহয়। এই উদ্দেশ্যেৰেই পুৰুষ আৰু তিৰুতাৰ নিজ নিজ সৌন্দৰ্য্য নিজৰ অজ্ঞাতে সুকীয়া অবয়ব আশ্ৰয় কৰি সুকীয়াভাৱে ফুটি উঠে, নিজে তাৰ বিশেষ ভূ নাপায়; কিন্তু পৰস্পৰে পৰস্পৰৰ ৰূপ- তৃষ্ণাত একেবাৰে মতলীয়া হৈ উঠে।–“চাউলৰ চিকুণ, খুদ ঐ লাহৰী, চাউল চিকুণ খুদ।”
সচাকৈয়ে নাৰীৰ শৰীৰ-ৰাজ্যত কামদেৱৰ সেয়ে সৰ্ব্বপ্ৰথম আৰু সৰ্ব্ব প্ৰধান