পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/২৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৭৬
অসমীয়া সাহিত্যৰ অধ্যয়ন


ৰূপে বৰ্ত্তমানৰ শক্তি-পূজা। ’সৌন্দৰ্য্যই শক্তি’ বুলি সেই যুগৰ সৌন্দৰ্য্য- উপাসক সকলে কৈছিল আৰু সৌন্দৰ্য্য গতিশীল (ডাইনেমিক) ৰূপে শক্তিশীল নিশ্চয়; কিন্তু সৌন্দৰ্য্যৰ ধাৰণা যেতিয়া গতানুগতিক হয় নি তাৰ গতিশীলতা হেৰুৱাই স্থিতিশীল (ষ্টেটিক্ ), গতিকে প্ৰাণহীন, হৈ পৰে। এই বাবেই শেন-চকুৱা ব্ৰাউনিঙে ভিক্টৰিয়া যুগৰ গতানুগতিকতাক দুৰ্বলতা বুলি দোষাৰোপ কৰিছিল আৰু নিজে তেওঁৰ ৰচনাত মাধুৰ্য্যতকৈও শৌৰ্য্য বা ওযজঃ গুণক প্ৰাধান্য দিছিল।

 কিপ্লিঙৰ ৰচনাত আমি পোনতে এটা খহতা আৰু পোনপটীয়াকৈ কথা কোৱা গুণ, বৰ্ত্তমান জীৱনৰ কদৰ্য্য কাহিনী আৰু পাশবিক বাস্তৱতাবোৰো বাটৰ মানুহেও ৰৈ ৰৈ শুনাকৈ দিয়া বৰ্ণনা আৰু দিনেকীয়া গুটীয়া জীৱনৰ পৰিবৰ্ত্তে বৰ্ত্তমান দিনৰ সমস্যাসমুহৰ প্ৰাধান্য দেখা পাওঁ; সাহিত্যত ইয়াতেই বাস্তৱবাদৰ (ৰীয়েলিজম) অভ্যুদয়। তেতিয়াৰে পৰা আৰু সমাজতন্ত্ৰবাদ ( ছছিয়েলিজম) মৰীছৰ নিচিনা সাহিত্যিকৰ কল্পনাৰ বস্তু হৈ নাথাকিল; শ্ব’-ৱেলছ, আদিৰ লিখনিৰ ভিতৰেদি সি বাস্তৱলৈ নামি আহিল। গতিকে বৰ্ত্তমান যুগৰ সাহিত্য দিনক দিনে কলা-বিদ্যাৰ ফালৰ পৰা ফালৰি কাটি সামাজিক প্ৰচাৰ-কাৰ্য্যৰ ফালেহে আগবাঢ়িছে; আক সেই কাৰ্য্যৰ দ্বাৰাই সাহিত্য আৰু সমাজক নতুন শক্তি দিবৰ প্ৰয়াস পাইছে।

 সাহিত্যত এই নতুন বেদৰ হোতাসকল লেখ-জোখত যিমানেই সৰহ হওক, প্ৰকৃততে নেতি’-বাদী। বৰ্তমান সামাজিক ব্যৱস্থাবোৰৰ বিৰুদ্ধে তেওঁলোকৰ অসন্তোষ সুস্পষ্ট; কিন্তু এই অসন্তোষ দূৰ কৰিবৰ কোনো সঠিক গঠনমূলক আঁচনি বা উপায় তেওঁলোকে দাঙি ধৰিব পৰা নাই নিশ্চয়। তেওঁলোকে খঙৰ বেগত পুৰণি মাইলৰ খুটিবোৰ উঘালি দলিয়াই পেলাইছে, পুৰণি নৈতিক আৰু সামাজিক মূল্যবোৰ অস্বীকাৰ কৰি বহিছে; কিন্তু এতিয়ালৈকে নতুন মাইলৰ খুটি তেওঁলোকে পুতিব পৰা নাই, আৰু নৈতিক আৰু সামাজিক মূল্যবোৰ ন-কৈ নিৰূপিত কৰিব পৰা নাই। চমুকৈ কবলৈ হ'লে, বৰ্তমানলৈকে এই নতুন আন্দোলনৰ মূলমন্ত্ৰ হৈছে ফেৰ-পতা (চেলেঞ্জ)! জন্তুৰ পোনতে শিং গজিলে যেনেকৈ য’তে ত'তে খুন মাৰিবলৈ বিচাৰে, এই নতুন আন্দোলনেও নৈতিক আৰু সামাজিক