পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/২৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৭৭
পুৱালৈ সময় কিমান— কবিতা


ক্ষেত্ৰৰ পৰাই সাহিত্যতো ন-ন বিষয় আৰু ন-ন গঢ়ৰ পৰীক্ষা কৰিব লাগিছে মাথোন।

 পুৰণি ভেটিত নতুন ঘৰ সাজিবলৈ হলে স্বভাৱতে পুৰণি ঘৰটো ভঙাই প্ৰথম কাম; এই নতুন আন্দোলনে সেই কামহে কৰিছে; তাত নিন্দা বা হতাশৰ ঠাই নাই। আমাৰ চাৰিওফালে এবাৰ চকু ফুৰালেও দেখিবলৈ পাওঁহঁক, জগতৰ পৰিবৰ্ত্তনৰ ধুমুহা অতি প্ৰবল বেগেৰে ব'ব লাগিছে! ৰেলগাড়ী, মটৰ-গাড়ীৰ উপৰিও বৰ্তমান আকাশী-জাহাজ টেলিভিছন, অনা- তাঁৰ আৰু যন্ত্ৰই জগতৰ কাল আৰু স্থান প্ৰায় হত্যা কৰিছে; আৰু আগৰ বহল পৃথিবীখন আজি কোঁচখাই হাঁচটিত ভৰোৱা টেমি যেন হব খুজিছে। বৰ্তমান মানহ-মন তথা সাহিত্যৰ ওপৰত তাৰ যথেষ্ট প্ৰভাৱ পৰিবই পৰিব; তেনেহ'লে সম্প্ৰতি শুদা সাহিত্যই কিয় বোলোঁ, বৰ্তমান মানৱ-মন আৰু মানৱ-সমাজেই কি অপূৰ্ব অথিৰ সমতাৰ ( অনষ্টেবল ইকুইলিব্ৰিয়ম) ওপৰত দোলায়মান!

 আমাৰ গুটীয়া জীৱনলৈকেনো নাচাওঁহঁক কিয়? আঢ়ৈকুৰি, দেঢ়কুৰি, সৰহ কি, একুৰি বছৰৰ আগৰ সেই জিৰনীয়া জীৱন, সেই চোতাল পাটি পাৰি বহি বা পদূলিত পিঠি পাতি ৰ’দ লোৱা আজৰি দিন আজি আছেনে? আগৰ যুগৰ অৰ্থাৎ দেঢ়কুৰি আঢ়ৈকুৰি বছৰৰো আগৰ সেই সহজ সৰল জীৱন আজি যিদৰে নাই, সেইদৰে সেই কালৰ গাম্ভীৰ্য্য, সৌন্দৰ্য্য, মাধুৰ্য্য— একোৰে একোটা আজি নাই। আজিৰ গাভৰু সেই গজেন্দ্ৰ-গামিনী” নহয়, “ৰাজহংস গতি” বা “কইনা-খোজ" আৰি তেওঁৰ গুণৰ লেখত নপৰি দোষৰ ভাগত পৰাও আচৰিত নহয়। ডেকাসকলৰো সেইদৰে কথা-গৰকা গহীন-গম্ভীৰ স্বভাৱৰ ঠাইত তীখৰ, ত্বৰ,-চেঙেলি বা তজবজীয়া স্বভাৱেই অধিক কাজুৱা হোৱা বিচিত্ৰ নহয়।

 জগতৰ আজি মূলমন্ত্ৰ মাত্ৰ বেগ (স্পীড,)! পানী-নসৰকা কাম্য দিন যেন আজি নাই। পাণ্ডিত্যতো সেই পুঙ্খানুপুঙ্খ বিচাৰ আৰু মৌলিকতাৰ দৈন্যই দেখা দিছে; পুৰণি কথায় নতুন বোল দি সজাই- পৰাই বা পিতলৰ অলঙ্কাৰকে চিকচিকীয়া কৰি সোণৰ দৰে দেখুৱাব পৰাও পাণ্ডিত্য বুলি গণ্য হৈছে। মুঠতে, উশাহ-নিশাহ লবলৈ তৎ হেৰোৱা খৰ-খেদাই আমাৰ জীৱনৰ দৰে বৰ্ত্তমান যুগৰ সাহিত্যকো অস্বাভাবিক