পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/২৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৭৫
পুৱালৈ সময় কিমান কবিতা—মনেশ্বৰ


নৱ-যৌৱনৰ সঞ্জীৱনী আৱশ্যক হয়। নল মৰে, গজালি ওপজে।’’ ইংৰাজী সাহিত্যৰ ড্ৰাইডেন্ প’প আদিৰ যুগ যেতিয়া কালৰ গতিত অলৰ-অচৰ হৈ পৰিল, অষ্টাদশ শতিকাৰ শেষ-ছোৱাত তাৰ ঠাই পূৰাবলৈ নতুন আলোড়ন আৰম্ভ হৈ হৰ্ডছ্-ৱৰ্থ-কলেৰীজ-ছাদী ত্ৰিমূৰ্ত্তিৰ লীৰিকেল বেলেডছ্” (১৭৯৮) প্ৰকাশেৰে নয়-নৱন্যাস আন্দোলনৰ নিয়মিত উদ্বোধন হ’ল। এলিজাবেথ বা শেক্সপীয়েৰ যুগৰ পাছত ই ইংৰাজী সাহিত্যৰ দ্বিতীয় সৃষ্টিমূলক যুগ, সন্দেহ নাই।

 কিন্তু এই নযৱ-যোৱান” নৱ-নৱন্যাস আন্দোলনৰ শৌৰ্য্য-বীৰ্য্যও সৰহ কাল নিটিকিল। আঢ়ৈকুৰি বছৰমানৰ পাছতে ভিক্টৰীয়া যুগৰ লগে লগে ইয়াৰ তেজ-বল টুটি আহিল আৰু সেই যুগৰ শেষত টেনিছনৰ মৃত্যুৰ লগে লগে উনৈশ শতিকাৰ শেষ-দশকত অতি-আধুনিক বা আজিৰ দিনৰ ভাৱ-ধাৰাৰ সূত্ৰপাত হ’ল। এই অতি-আধুনিক ভাৱ-ধাৰাৰ ভিতৰতে কিপ্লিঙৰ সাম্ৰাজ্যবাদ ( ইম্পিৰিয়েলিজম,), চেষ্টাৰ্টনৰ পুৰণি-তন্ত্ৰবাদ ( ট্ৰেডিছনেলিজম), শ্ব-ৱেলছ দলৰ সমাজতন্ত্ৰবাদ (ছছিয়েলিজম,) আৰু তেওঁলোকৰ পাছৰ দলৰ সাহিত্যিক-ব্যক্তিতন্ত্ৰবাদ (গিটাবেৰী ইণ্ডিভিডুৱেলিজম,) আদি বিভিন্ন অন্তৰ্সুতি আছে; গতিকে সমূহীয়াকৈ আমি ইয়াক কৰ্মতন্ৰবাদ বা প্ৰচাৰ- তন্ত্ৰবাদৰ সাহিত্য বুলিব পাৰোঁ।

 যোৱা শতিকাৰ শেষ-দশকৰ পৰাই ন-ন ভাবৰ পচন্ (ফাৰ্মেন্ট) আৰম্ভ হোৱাত, সাহিত্যত এনেবোৰ ন-ন চিন্তা-শক্তিয়ে জন্ম পায় আৰু সেই- বোৰ পূৰ্ব্ববৰ্ত্তী ভিক্টৰীয়া যুগৰ ভাৱধাৰাৰ ওপৰত প্ৰতিক্ৰিয়া কৰে। এনে ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ ফলস্বৰূপে আমি পোনতে দেখা পাওঁ—পুৰণি বিপ্লৱবাদ আছিল ব্যক্তি-তন্ত্ৰমূলক (ইণ্ডিভিজুৱেলিষ্টিক), কিন্তু শ্ৰেণী-নিৰ্বিশেষে আৰু মানুহ মানুহ স্বৰূপেই : তেওঁলোকৰ সাম্য-মৈত্ৰীৰ আদৰ্শ আছিল নীতিমূলক আৰু ভাবপ্ৰবণ। কিন্তু বৰ্ত্তমানৰ বিপ্লৱ বাদ হ’ল দল-তন্ত্ৰমূলক (কলেষ্টি ভিষ্টিক), সাধাৰণ ব্যক্তিতন্ত্ৰ-মূলক নহয়; ই ধৰ্মনৈতিক বা মানৱী অনুভূতি মূলকো নহয়, ই অৰ্থনৈতিক আৰু মানসিক শ্ৰেণীবিভাগ-বিৰোধী। এই পৰিবৰ্ত্তনৰ আদৰ্শও একেবাৰে নতুন নহয়; কিয়নো মীল বক্সিন আদিয়ে ইয়াৰ আলিবাট বহুত আগতে চোঙাই গৈছে।

 তাৰ পাছত দেখা পাওঁহঁক পূৰ্ববৰ্ত্তী যুগৰ সঙ্কীৰ্ণ ৰূপ-পূজাৰ প্ৰতিক্ৰিয়া