পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/২৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

“ৰূপৰেখা” কৱিতা—ফুলেশ্বৰ


নিতাই-পুখুৰী বাপুতিগড় গাঁৱৰ পৰা ৰেজিষ্টাৰী ডাকত “আপোনাৰ অপৰিচিত চেনেহ-ভিক্ষাৰী এজন ছাত্ৰ” বুলি এখন পত্ৰেৰে শ্ৰীমান ফুলেশ্বৰ দত্তই তেওঁৰ এই পুথিৰ পাণ্ডুলিপি হঠাৎ মোলৈ পঠাইছে আৰু লিখিছে—“আপোনাৰ দৰে “মৰম-ভিক্ষাৰী’’ৰ কাষত ময়ো আজি সেই মৰমৰেই খুদ-মগনিয়াৰ হৈ ওলাইছো।”

 লেখকৰ লগত মোৰ চকুৰ চিনাকি নাথাকিলেও, নিতাই-পুখুৰী বাপুতিগড় বোলা এই ঠাইখনি পুৰণি মিতিৰৰ দৰেই মোৰ পুৰণি চিনাকি, আৰু নিশ্চয় শ্ৰীমান ফুলেশ্বৰ দত্তৰ জন্মৰো ভালেখিনি বছৰৰ আগৰ। ১৯১৪ ৰ মে’ৰ আগপথ, এদিন আবেলি গৰু-গাড়ীত উঠি কমাৰফদীয়াৰ পৰা দুকাষৰ ডাঠ হাবিৰ মাজৰ আলিয়েদি প্ৰায় দুপৰ নিশাত এই জনমৰ এক প্ৰথম চিনাকি ঠাই বাপুতিগড় পাওঁগৈ। তেতিয়া মোৰ কৈশোৰ জীৱন; সেই ঠাইৰ সমনীয়া লগৰীয়াৰ লগত কত হেপাহৰ কথা পাতি জোনাক নিশা কটাই দিছিলোঁ! ওৰে নিশা ডাউক আদি নানা চৰাইৰ মাত, পুৱা-গধূলি বাপুতিগড়ৰ প্ৰকৃতিৰ শান্ত স্নিগ্ধ ৰূপ, জেঠৰ খবত বাপুতিগড়ৰ খাৱৈ- পুখুৰীত দুপৰীয়া নাদুৰি চিলনি-সাঁতোৰ দিয়া কথা এটি-এটিকৈ সবাক্ চিত্ৰৰ দৰে মোৰ মানস-চকুত ধৰা দিছে। একুৰি ওঠৰ বছৰ! কোনে কয়? একুৰি ওঠৰ ঘণ্টাও হোৱা নাই যেন লাগে! বাহ্যিক আৰু অন্তৰ্জগতৰ, শৰীৰ আৰু মনৰ এই বিবাদ কোনে গুচাব?

 শ্ৰীমান দত্তই আৰু লিখিছে—“সঁচা, মই আপোনাৰ একেবাৰেই অপৰিচিত। কিন্তু মনত ভাব হয় আপুনি যেন মোৰ পৰিচিত। অকল মোৰেই নহয়, হয়বা মোৰ দৰে বহুতৰেই আপুনি পৰিচিত...আপুনি নজনাকৈয়ে আপুনি আমাৰ মাজত পৰিচিত হৈ পৰিছে।...“কপালত পিন্ধি লই মৰমৰ ইন্দ্ৰধনু, জয় কৰা সকলোৰে হিয়া।” আৰু আপুনিও সকলোৰে হিয়া জয় কৰা এজন কবি। তেনে এজন কবি মোৰ পৰিচিত নহয় কোনে কয়?" ইয়াত বঢ়া-টুটা কিবা থাকিলেও তাক এৰি শ্ৰীমান