দত্ত যে কবিতা-ধৰ্মীৰূপে মোৰে “একে গুৰু-ঘৰৰ দাস’’ তাত মোৰ সন্দেহ
নাই; গতিকে তেওঁৰ পৰিচয়ৰ দাবী মানিবলৈ মই বাধ্য।
আলোচ্য পুথিখনিৰ একুৰি তিনটি কবিতা, ইংৰাজী কবিতা আৰু ৰবীন্দ্ৰনাথৰ দুই এটি ৰচনাৰ পদ-ভাঙনি। মই পোনতে এই কথাত সন্তোষ পাইছোঁ, ভাঙনিৰ ঘাইকৈ পদ-ভাঙনিৰ দায়িত্ব গুৰুত্ব লেখকে কিছু পৰিমাণে উপলব্ধি কৰিছে; বিশেষকৈ যিহেতুকে বহুত নাম-জ্বলা বৰ্ত্তমান অসমীয়া লেখকেই সেই কথাটো মন নকৰা দেখা পোৱা হয়। শ্ৰীশঙ্কৰদেৱ, মাধৱদেৱ আদিৰ অমৰ ভাঙনিবোৰৰ কথা এৰিও, বৰ্ত্তমান সাহিত্যতে ভাঙনি-কোঁৱৰ আনন্দচন্দ্ৰ আগৰৱালা আদি জনদিয়েকৰ ভাঙনি আমাৰ আদৰ্শনীয়। ঘাইকৈ অগিৰৱালাৰ অনুপম ভাঙনি “জীৱন-সঙ্গীত” আদি তাৰ বঙলা ভাঙনিতকৈয়েহে যে সুন্দৰ এনে নহয়, তাৰ মূল ইংৰাজী কৱিতাতকৈ আমাৰ কাণত অধিক লোৱাদ যেন লাগে; অথচ এই ভাঙনি তেওঁ এই লেখকৰ দৰে প্ৰৱেশিকা পৰীক্ষা দিয়াৰ পাছতে লিখা। সেইদৰে শ্ৰীসুৰ্য্যকুমাৰ ভূঞাৰ “কবি-প্ৰাণ” আমাৰ বিবেচনাত ইংৰাজ ৰাজকবি আলফ্ৰেড্ টেনিছনৰ মূল কৱিতা “Poet's Mind” তকৈও সুন্দৰ যেন লগাৰ কাৰণ নামটোৰ পৰাই বুজিব পাৰি। মূল কৱিতাৰ প্ৰথম দুশাৰীৰ ভাঙনিকে উদাহৰণ ৰূপে লব পাৰি—
“কবিৰ অন্তৰখনি আলসুৱা অতি
তুমি তাত নিদিবা যাতন;
কবিৰ প্ৰাণৰ কথা বুজিবাঁ কি তুমি
তোমাৰ যে উপৰুৱা মন |”
এই ভাঙনি অৱশ্যে অলপ ব্যাখ্যামূলক হৈছে; কিন্তু মহাপুৰুষসকলে সংস্কৃত শ্লোকৰ ভাঙনি সংস্কৃতৰ শাৰীৰ সমানে সমানে অপূৰ্বৰূপে কৰিছিল, তাক অকল বিষ্ণুপুৰী সন্ন্যাসীৰ শ্লোকটিৰ মাধৱদেৱে কৰা “মুক্তিত নিস্পৃহ’’ ঘোষাটিৰ পৰাই বুজিব পাৰি।
—ভাঙনিৰ প্ৰথম দায়িত্ব হল যি কবি-ঋষিৰ ভাঙনি কৰা হয় তেওঁৰ আৰু তেওঁৰ কবিতাৰ মৰ্য্যদা ৰখা; অন্ততঃ অমৰ্য্যদা নকৰা, কায়-বাক্য- মনে। ইয়াৰ অৰ্থ এয়ে, মনেৰে আমি তেনে অমৰ্য্যদাৰ কথা নাভাবিব