সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/২৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৬৪
অসমীয়া সাহিত্যৰ অধ্যয়ন


আৰু হিয়া উদাৰ হব লাগিব। বহুতৰ ধাৰণা অসমীয়া মানুহ ৰসত চতুৰ নহয়; তেওঁলোকৰ মুখ সদায় গেমোথা। কিন্তু স্বৰূপতে ই সচা নহয়। অসমীয়া খুহুটীয়া কথাই মৰাৰ মুখতো হাঁহি তোলাব পাৰে বুলি কয়। অসমীয়াৰ বেজবৰুৱা আছিল ৰসৰাজ। তেওঁৰ প্ৰথম ৰচনা ‘লিতিকাই’ৰ এটা সাধু :— বামুণৰ পেটৰ কোৰকোৰনি বেমাৰ। সকলো বেজ জ্ঞানী মিছা পৰিল। শেষত এজন বেজে বিনা ঔষধে ৰোগ গুচালে। কেনেকৈ? বেজে সুধিলে, “তুমি এবছৰৰ ভিতৰত নিশ্চয় লাও খাইছিলা? সেই লাও গৈ পেটত টোকাৰী হল। তোমাৰ লগুণডাল গুণা হৈ তাত লাগিলেই কোৰকোৰাই বাজি উঠে।’ তেন্তে, ঔষধ? বেজে কলে, ‘লগুণডাল পেলাই দিয়াঁ৷ বৰ টেঙৰ বেজ? নহয়, তাতোকৈয়ো টেঙৰ বামুণ; কিয়নো তেওঁ লগুণ ডাল পেলাই নিদি হাতত লৈ ফুৰিছিল। ই বামুণৰ লগুণৰ বিদ্ৰূপনে? বেজবৰুৱা নিজে বামুণ, আৰু তেখেতৰো পাত লগুণ আছিল।

 এইদৰে লোকৰ ওপৰত হহাঁতকৈ নিজৰ ওপৰত হঁহাত হাস্যৰ বিশুদ্ধতা অধিক প্ৰমাণিত হয়। কিয়নো লোকৰ ওপৰত হঁহাত প্ৰায়ে পিশাচৰ হাঁহি প্ৰকাশ পায়, কিন্তু নিজৰ ওপৰত হঁহাত দেৱ-দূতৰ হাঁহি বিৰিঙে। বেজ- বৰুৱাই সাধাৰণতেই নিজৰ ওপৰত হাঁহিছিল। তেখেতৰ পুত্ৰ সন্তান নাছিল বুলি নাজানি কোনোবাই সুধিছিল—“আপোনাৰ লৰা কেইটি? উত্তৰ পালে—“তিনটি। এটি হৈছিল। এটি হোৱা নাই; এটি হব।” সেইহে আমি কেইবা ঠাইতো বেজবৰুৱাৰ ৰামধনু-হাস্য”ৰ বৰ্ণনা কৰিছোঁ৷ কিয়নো মেঘৰ চকুলোত বেলিৰ হাঁহি পিচলিয়েই ৰামধনু জিলিকি উঠে। বেজবৰুৱাৰ বিৰাট প্ৰাণ অসমীয়া জাতিৰ দুখ-দৈন্যত সদায় কান্দি উঠিছিল। ৰচনাৰ ভিতৰেদি হাঁহিৰ চলেৰে তেওঁ কান্দি পঠিয়াইছিল। নিস্বাৰ্থ মানৱ প্ৰেমিক নহলে হাস্যৰসিক হব নোৱাৰে। লোকৰ দোষ-খোচৰা সঙ্কীৰ্ণমনা লোকে কোনো জন্মত হাস্য-ৰস ফুটাই তুলিব নোৱাৰে।

 বিশুদ্ধ আৰু শ্ৰেষ্ঠ হাস্যৰসৰ আন এটা লক্ষণ সুৰুচি বা সৌন্দৰ্য্যবোধ। কদৰ্য্য বা আপচু মাত্ৰই কায়মনোবাক্যে বৰ্জ্জনীয়, আৰু সৌন্দৰ্য্য বা শ্ৰী মাত্ৰই আৰাধনীয়। মানসিক, শাৰীৰিক আদি সকলো বিষয়তে এই কথা পাহৰিব নালাগে।

 শ্ৰীদুতিৰাম চাংকাকতি এই খুহুটীয়া কথাৰ সংগ্ৰহটিৰ বাৰে শলাগৰ পাত্ৰ।