পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/২৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৪৬
অসমীয়া সাহিত্যৰ অধ্যয়ন


গৰ্জ্জনৰ গতিৰ সলনি স্নেহ আৰু “সমজাতীয় সহানুভূতি” আদি শান্তি-ৰসেৰে শৰত কালৰ কুলু-কুলু কৈ বোৱা শান্তিৰ নিজৰা হে বুলিব পাৰি; শুনিলে কাণ-প্ৰাণ সকলে জুৰ পৰে:—

“তুমি—পুত্ৰৰ জীৱন-খনি জননীৰ অমৃত-বুকুত;
তুমি—তৃপ্তিত বিমোৰ হৈ ধৰি থাকা সাবটি মুখত।’’
“তুমি—প্ৰেমৰ মূৰতি স্বামী লোৱা মহা কৰ্ত্তব্য শলাগি;
তুমি—ভাৰ্য্যা পুত্ৰ বন্দী-বেটী সকলোৰে অদৃষ্টৰ ভাগী।”

এইদৰেই তেওঁৰ প্ৰশান্ত ৰূপ বৰ্ণাই শেষত আকৌ সেৱা জনাইছে—

“কিমান ধেমালি তুমি খেলি আছা মুকলি মনেৰে;
প্ৰণাম কৰিছোঁ, লোৱাঁ,—বিৰহ-দগধ পৰাণেৰে।”

 তৃতীয় তৰঙ্গত “প্ৰকৃতিৰ বিশ্ব-ভৰা উদাৰ সৌন্দৰ্য্য” লক্ষ্য কৰি কবিৰ প্ৰাণ পুনৰ যৌৱন-গৰ্বত ওফন্দি উঠিছে—

“তুমি—শাৰদীয় চন্দ্ৰমাৰ বই অহা ৰূপালী জোনাই।
তুমি —গাভৰু ফুলনিখনি সুগন্ধেৰে আঁচল ভৰাই।”
“তুমি—আকাশৰ ৰামধনু, পমি যোৱা তীব্ৰ হেপাহত;"
“তুমি—সুন্দৰ মানিনী উষা, ভেম পাতি যাব খোজা উৰি;
অৰুণৰ টান পাই পমি যোৱা তাৰ গাত পৰি।”

 “সৌন্দৰ্য্যৰ বুকৰ কাঁচলি-উদঙাই, প্ৰকৃতিৰ চো-ঘৰ চালোঁ পিত্ পিত৷” (হেম গোস্বামী); এইদৰে চাই বিশাল প্ৰকৃতিৰ মাজত নিজৰ আৰু ঈশ্বৰৰ অস্তিত্ব উপলব্ধি কৰিলে ইংৰাজ প্ৰকৃতি-কবি ৱৰ্ডছৱৰ্থৰ দৰে,—

“তুমি—তেতিয়াৰে পৰা মোক দিয়ে আছাঁ প্ৰেম-আলিঙ্গন;
 মোৰ স'তে গাঁঠি দিছাঁ অন্তহীন বিশ্বৰ প্ৰাঙ্গন।”
 “সকলোতে তোমাৰেহে দেখা পাওঁ মঙ্গল মুখনি।”

 চতুৰ্থ তৰঙ্গত, কৰিয়ে সৌন্দৰ্য্যৰ দুৱাৰেদি ভিতৰলৈ সোমাব নোৱাৰি এই বুলি অভিযোগ আনিছে,—