“কি সতে বান্ধিছা নাথ! ভীষণ হেঙাৰ,
সৌন্দৰ্য্য উপচি পৰা দ্বাৰত তোমাৰ?
“তোমাৰে নো লুকালুকি কত ৰকমৰ,
আঁৰত আলোকি উঠে বিশ্ব-দুৱাৰৰ।”
অকল সেয়ে নহয়, তেওঁ ৰবীন্দ্ৰনাথৰ দৰে “সীমাৰ মাজত অসীম বিচাৰি পাইছে।”—
“সীমা বন্ধা সৌন্দৰ্য্যৰ চমকা বুকত,
লয় কৰা অসীমৰ অমৰ চুকত।’
“মিলনৰ মহা ৰেখা তুলিব জ্বলাই,
সীমাৰ মাজত ৰাখি অসীম লুকাই।”
মুঠতে, তেওঁ নিজ সাধনাকে ইয়াতে চিনিছে—“হিয়াৰ সাধনা হেৰা, তত্ত্বময় তুমি।” আৰু সেয়ে তেওঁলৈ “ ‘নাই’ৰ মাজত তোলে ‘আছে’ৰ পাতনি।”
পঞ্চম তৰঙ্গত কবিয়ে নিজ অতীত জীৱনৰ ভুল-ভ্ৰান্তিবোৰ বুজি লবলৈ ধৰিছে, আৰু সেই প্ৰেম বিফলতাৰ হেতু নিৰ্ণয় কৰিছে,—
“সেই প্ৰেম নাছিল স্বাধীন নিখুত যোগৰ;
তাতেহে তেতিয়া তুমি, প্ৰকৃতি আঁৰত জুমি,
অতৃপ্তিৰ উদগালা ভাব মহাধন বুলি।”
ষষ্ঠ তৰঙ্গত এই ওখ সমতলত কৰিয়ে বিৰহৰ অভিমান জুৰি এইদৰে জেউৰ ধৰিছে—
“মোৰে স’তে এনে এটা মহা গাঁথনিৰে গঁথা হৃদয় তোমাৰ;
মোৰ অনুভূতি স’তে টিপতে জোকাৰি উঠা ব্ৰহ্মাণ্ডৰ তাঁৰ।”
সপ্তম তৰঙ্গত কবিয়ে নিজ সাধনা-সিদ্ধিৰ মহা আত্মসাদ লভিছে,—
“আজি মোৰ সাধনা-ফুলনি, কাৰ কিনো পাই উদগনি,
পোহৰাই মহা বিশ্বখনি, উলাহেৰে হাঁহিছে।”
“কোন আছাঁ পথিক অনন্ত, হেৰুৱাই শান্তিৰ বসন্ত,
শান্তিময় মলয়া শ্ৰীমন্ত লাগে, কাষ চাপাঁহি।’’