সন্ধিয়া বেলিৰ ৰক্তিম ৰাগৰ বাবে বায়ুমণ্ডলত মিহলি থকা ধূলি-মাকতিয়েই
দায়ী বুলি আধুনিক বিজ্ঞানে কয়। আৰু এই পাৰ্থিৱ ধূলিৰ অস্তিত্বৰ বাবেই
হবলা ঘাইকৈ ইয়াৰ প্ৰথম তৰঙ্গটি বিশেষৰূপে ৰঞ্জিত হৈছে।
প্ৰথম তৰঙ্গটিত সংসাৰ ধুমুহা-গজনি বা বিজুলী-ঢেৰেকনি একোলৈকে কটাহিত নকৰি যেন কবিয়ে প্ৰেম-সাগৰত পাৰি দিছে, আৰু সিপাৰে মানস-চকুৰ আগত তেওঁৰ সাধনাৰ ধনে উদ্ভিন্ন নৱ-যৌবন দিব্য নাৰী-মূৰ্ত্তি হৈ জিলিকি তেওঁক এই তমোময় জ্বালাত আগুৱাবলৈ উদগাইছে—
“তুমি—লাজৰ ৰাঙলী আভা গাভৰুৰ গোলাপী গালত।"
“তুমি—মনে মনে উঠি অহা চেনেহীত চুমাৰ হেঁপাহ।”
“তুমি—নিতম্বিনী সুন্দৰীৰ নিতম্ব-চুম্বিত চুলিকোছা॥”
চাওঁতে-চাওঁতেই কবি-প্ৰাণত অনন্ত প্ৰেম শাওণৰ মেঘৰ দৰে অজস্ৰ ধাৰে বৰষিবলৈ ধৰিলে; আৰু বাৰিষাৰ আৰম্ভৰ পৰ্ব্বতীয়া নৈ ভৈয়াম ওলায়ে কেনি-যাওঁ কি-কৰোঁ লগোৱাৰ দৰে, কবি-কল্পনাই এইদৰে থৌকি- বাথৌ লগাবলৈ ধৰিলে—
“তুমি—খাওঁনে নাখাওঁ কই চুমা এটি তেজাল গালত।
তুমি—যাওঁনে নাযাওঁকৈ কাষ চাপি কুঞ্জৰ আঁৰত?”
"তুমি—দিওঁনে নিদিওঁকই মতলীয়া মিলন ইঙ্গিত;
তুমি – পিওঁনে নিপিওঁকই প্ৰেম-ৰস ফালি মোৰ চিত।”
এইখিনিত “প্ৰতিমা”ৰ খনিকৰ আগৰৱালাৰ ‘ফুটোনে নুফুটোকৈ কুমলীয়া কলিটি” আদিৰে অনুপম “মাধুৰী’’ কবিতাটিৰ লগত ইয়াৰ মিল মন কৰিব লগীয়া। কিন্তু যিমানেই প্ৰকোপিত হওক, সেই ধুমুহা শাম কাটিবলৈ বাধ্য আৰু শেষত আমাৰ “উদভ্ৰান্ত” প্ৰেমিক-কৱিয়ে কাষ চাপি সেই কমনীয় নাৰী-ৰূপ তাৰ স্বাভাৱিক প্ৰশান্ত মূৰ্ত্তিত দেখা পাই এইদৰে প্ৰণতি জনাইছে—
“সকলো তুমিয়ে, নাথ। জগতত দেখিছোঁ যিমান;
লোৱাঁ এই অশ্ৰু টুপি ভেদি অহা মুগুধ পৰাণ।”
দ্বিতীয় তৰঙ্গটি বাৰিষাৰ বৰনৈ ফেনে-ফোটকাৰে বোৱা আৰু তৰ্জন-