পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৬
অসমীয়া সাহিত্যৰ অধ্যয়ন


দেৱাঙ্গ ভূষণ, আৰু এই ভূষণেৰে ভূষিত স্বামীৰ সৈতে অতুল ঐশ্বৰ্য্যৰ অধিকাৰী হিমালয়ৰ কন্যাৰ জগতৰ আদৰ্শনীয় দাম্পত্য জীৱন । সামাজিক স্বৰূপে, ইও এই গীতবােৰৰ গুণ। কিন্তু হায় ! “কৌপিনৱন্তঃ খলু ভাগ্যৱন্তঃ” এই মহৎ আদর্শ অৱনত ভাৰতবাসীৰ মনৰ পৰা যেন চিৰকাললৈ নিৰ্ব্বাসিত হৈছে। তাৰ ঠাইত আজি “কোট-পেণ্টৱন্তঃ খলু ভাগ্যৱন্তঃ” আদর্শ সাজি নিজে ৰচা অভাৱৰ ভাৱনাৰ ভাৱৰীয়া হৈ আমি কি প্রহসন কৰিছোঁ, তাক নেদেখা- জনেহে দেখিছে। অন্ততঃ বাহিৰে দেখাত শিৱৰ জৰা, কুৰূপ আৰু দুর্ভিক্ষ ; গৌৰীৰ নৱীন যৌৱন, অপূৰ্ব্ব ৰূপ-লাৱণ্য, পিতাকৰ অতুল বিভৱ ; ইমান ব্যৱধানৰ ভিতৰেদিয়েইহে “হৰগৌৰী বসতি” চিৰকাল ভাৰতীয় সমাজৰ মহৎ আদৰ্শৰূপে সুপ্রতিষ্ঠিত হৈ ৰৈছে। কেতিয়াবা পাহৰিও যে পাৰ্ব্বতীয়ে ইয়াৰ বিৰুদ্ধে সামান্য অসন্তোষৰ আভাস দেখুওৱা নাই । ভুলতো যে তেওঁ শিৱক এধাৰ হাৰ বা এযোৰ “য়াৰিঙৰ ফৰ্মাছ’’ দিবলৈ কেতিয়াও কোৱা নাছিল !

⸻⸻

( বাঁহী, অষ্টাদশ বছৰ, দ্বাদশ সংখ্যা; চ’ত, ১৮৫০ শক)


সাঁথৰমালা—পানীমিঠৈ-ভাঙনি

সাঁথৰ প্ৰাচীন জগতৰ সৃষ্টি। পুৰণি গ্রীক সাহিত্যত দেখিবলৈ পােৱা হয়, ৰাক্ষসী ফিঙ্কছে প্রশ্ন কৰিছিল—কোন জীৱ আছে সৰুতে চাৰি ঠেঙীয়া, ডাঙৰত দুঠেঙীয়া আৰু বুঢ়া হলে তিন্ ঠেঙীয়া? এই পানীমিঠৈ গিলিব নােৱাৰি কিমান মানুহে প্রাণ দিব লগা হৈছিল! অৱশেষত ঈদিপুছে এই সমস্যা পূৰণ কৰিলে,— সেই জীৱ মানুহ। আৰু তেৱেঁ সেই ৰাক্ষসীৰ প্রাণ ললে।

 প্রাচীন ভাৰততো সাঁথৰৰ ঐতিহ্য পুৰণি। ঋক্ বেদত এনে সমস্যা-পুৰণ বহুত আছে, তাৰে এটি (১|১৬৪|৪৮ )—“দ্বাদশ প্রধয়শ্চক্ৰমেকং ত্রীণি নভ্যানি ক উ তচ্চিকেত। তস্মিনৎসাকং ত্রিশতা ন শংকৰোৰ্পিতাঃ যষ্টিৰ্ণ চলাচলসঃ।” অর্থাৎ বাৰটা নেমি (=মাস), এক চকা (=বছৰ ), তিনটি