ফুটা (= ঋতু ); কোনে চিনে? তাৰ ৩৬০টা চলাচল অৰ (spokes=
দিন) আছে।
পুৰণি অসমতো সাঁথৰৰ জন্ম প্ৰাচীন কালৰ, সন্দেহ নাই। হিতোপদেশ আদি সংস্কৃত সাহিত্যৰ পৰা অহা সমস্যা-পূৰণবোৰৰ কথা এৰিও পুৰণি অসমীয়া গ্ৰন্থকাৰসকলে পায়ে নিজ নাম আৰু ৰচনাৰ কালো সাঁথৰ ৰূপেহে দেখুওৱা কথাও মন কৰিব লগীয়া। ইয়াৰ বাহিৰেও জন-গণৰ মুখে মুখে চলি অহা সাঁথৰ অনেক আছে।
নতুন-পুৰণি যুগ, সকলো যুগতে সাঁথৰে মানুহৰ মন আকৰ্ষণ কৰিবই। কিয়নো স্বয়ং জীৱনেই আটাইতকৈ ঘাই সাঁথৰ। সংসাৰলৈ ক'ৰ পৰা কেনেকৈ আহিলোঁ; মৃত্যুৰ পাছত কি হব, কলৈ যাম; এনেবোৰ সাঁথৰে যুগে যুগে মনীষীৰ পৰা সৰ্বসাধাৰণলৈকে আটাইৰে চিত্ত গিলি পেলাইছে। গতিকে সাঁথৰত মানুহৰ আনন্দ আৰু আগ্ৰহ স্বাভাৱিক। “কলিঙ্গৰ লিঙ্গ কাটি পাঠাৰ কাটি পা” আদি সাঁথৰ তুলনাত আধুনিক নিশ্চয়।
⸻⸻
বন-ঘোষা⸺ডেকা-গাভৰুৰ গীত
প্ৰথমে প্ৰণমো, জয় সৰস্বতী, দ্বিতীয়ে প্ৰণমো হৰি।
কোন জন ঈশ্বৰে, আমাক চৰজিলে, এখানি-এবানি কৰি॥
ঈশ্বৰৰ সৃষ্টি বিনন্দ-বিলাস, প্ৰকৃতিৰ শাসন সুকঠোৰ—চুলি এডালি-মানৰো হেব-ফেৰ নাই; মানুহৰ অৱস্থা দলাৰ বগৰিৰ দৰে থান-থিত নোহোৱা। আগত অনন্ত, পিছত অনন্ত; মাজত তিনি হাত এবেগেত দীঘল জীৱনৰ ভেটি। আগলৈ চাবলৈ আহৰি নাই,—চালেও পথালি চকুত একো দেখিবলৈ নাই, দৃষ্টিশক্তি চুটি, সেইবাবে দেখি কেৱল বিভীষিকা, কেৱল আন্ধাৰ; দেখি ধাতু উৰি যাব খোজে। কিন্তু কি হব,—পিছলৈ যাবৰ উপায় নাই, আগলৈ যাবলৈ সাহ নজন্মে। গতিকে যি দুদিন থকা হয়, গাঁঠিত জীৱ বান্ধি থাকিব লাগে; যেতিয়াই এইদৰে থাকোঁতেই কাল উকলি যায়, তেতিয়াই
ৰক্ষা, তেতিয়াই শান্তি —জীৱনৰ যৱনিকা।