পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
ধাই নাম
১৫

কবিয়ে আমাৰ গাঁৱলীয়া ভাং-ধুতুৰাৰ ৰাগিতো উন্মত্ত কৰিবলৈ বাকী নাৰাখিলে! গৌৰীক হৰৰ কিলৰ ভয় দেখুৱাবলৈকো দ্বিধা বােধ নকৰিলে। কিন্তু অসমীয়াৰ ঘৰে ঘৰে আহি হৰ-গৌৰীয়ে ইমান লটিঘটি সহিও আমনি পােৱা নাই বুলিয়ে আমি অনুমান কৰিব পাৰোঁ; কিয়নো, ‘ন তত্র বিস্মৃতিজ্ঞানাপবাদঃ (“ভক্তিসূত্র"); হৰ-গৌৰীৰ মহত্ত্ব চহা কবিয়ে সমুলি পাহৰা নাই; যি কৰিছে কেৱল প্ৰীতি আৰু ভক্তিৰ অতি-মাত্রাতহে। তেওঁলােকৰ ইমান আদৰৰ ধন হৰ-গৌৰীক নি হেঁপাহৰ পথাৰত এবাৰ ঠিয় নকৰাকৈ সন্তুষ্ট থাকিব পাৰে ? গতিকে হৰক মাতি নি এবাৰ তেও নাঙল- খুটিত ধৰাইহে এৰিলে। মহেশ্বৰ কিন্তু নিতান্ত ভাল লৰা, তাত সংশয় নাই ; আৰু সেই দিনাৰ পৰা অসমীয়া গাঁৱলীয়া সমাজৰ ভিতৰত তেওঁ বৰ-হালােৱা, এনে হালােৱা পৃথিবীত আজিলৈকে ওলোৱা নাই। হাজাৰো হওক, গিৰিজাজ কন্যাক ভূঁই ৰোৱা বা ধান দোৱাবলৈ নিবলৈ অলপ শঙ্কা কৰিবৰে কথা, কিন্তু চলেৰে হলেও মহাদেউক বিচাৰি পঠিয়াই পাৰ্বৰ্বতীক এবাৰ পথাৰ গৰকাইহে এৰিলে।

 এই মহাদেৱ-পাৰ্বতী সম্বন্ধীয় নামবােৰৰ আৰু এটি মন কৰিব লগা কথা এই, ইয়াৰ ভিতৰেদি অসমীয়া চহা জীৱনক দুৱাৰ কৰি ভাৰতীয় জীৱনৰ এটি মহৎ আদর্শ ফুটি উঠিছে। তাৰ বাবে কবিয়ে পৌৰাণিক সাহিত্যৰ পৰা হৰগৌৰী-প্রসঙ্গৰ জুমুঠিটোহে লৈছে; তাৰ বাহিৰে নিজ হৃদয়ৰ সকলাে সম্পদ উবুৰিয়াই দি তেওঁলােকক প্রাণ ভৰি আৰু জীৱন্তৰূপে সজাইছে। আৰু সজাইছে কিৰূপে?

“সদাশিৱ এ! তােমাৰ শিৰে জটা।
জগতক বৰ দিছা, আপুনি নঙঠা ॥”

ইয়াতকৈ মহৎ আদর্শ এই পূৰ্ণৰ তলত আৰু কিবা হব পাৰে নে ? আজিৰ পাশ্চাত্য সভ্যতাই যি দাৰিদ্ৰ্যক কাপুৰুষতাৰ ফল বুলি নিন্দা কৰিব পাৰে, জগতৰ গৰাকী সদাশিৱ সেই দৰিদ্ৰতাৰে সেৱক নে? তেনেহলে, দৰিদ্ৰ কোন ?- যাৰ আৱশ্যক আছে। যি “মােক নালাগে বুলিব পাৰে, সি কিহৰ দুখীয়া ? এইদৰে চহা কবিয়ে মহেশ্বৰ সদাশিৱত আৰােপ কৰি দাৰিদ্ৰ্যক দেৱত্ব বা পৰম-পদ দান কৰিছে। এই দৰিদ্ৰতাই শিৱৰ মহা