পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/২৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৩৪
অসমীয়া সাহিত্যৰ অধ্যয়ন


 এইখিনিতে কাব্যৰ কথা প্ৰায় ওৰ পৰিছে আৰু আত্মীয় পৰিয়ালৰ মাজেদি এই বিষাদৰ প্ৰবাহ বোৱাই কাব্যৰ সামৰণি মাৰিছে—

“যদি কোনো আছাঁ, আহাঁ ভ্ৰাতৃ-শোক-দগ্ধ প্ৰাণ,
নলিনৰ দৰে ভ্ৰাতৃ! যদি অকালত
তোমালোকক কন্দুৱাই গৈছে স্নেহৰ ভাই
(মোৰ বিপিনৰ দৰে) অনন্ত ধামত।
সংসাৰত দুটি ভাই, আগে-পাছে আৰু নাই,
এটিক অকল কৰি গইছে পলাই;
সংসাৰৰ মায়া এৰি চেনেহৰ ডোল ছিঙি
দগ্ধ কৰি ভ্ৰাতৃ-হিয়া শোকাগ্নি জ্বলাই॥’’
“আৰু যদি আছা কোনো স্নেহময়ী ভগ্নী কাৰো
সহোদৰা সুকোমলা ভ্ৰাতৃ-গত প্ৰাণা;
ভগ্নী-স্নেহ ডোল ছিঙি হিয়াত কুঠাৰ মাৰি,
গইছে কাৰোবা ভ্ৰাতৃ প্ৰাণে প্ৰাণে গঁথা॥
ফুলেৰে বন্ধোৱা হিয়া কোমল ভগ্নীৰ প্ৰাণ,
ভ্ৰাতৃ-শোক জুয়ে যদি দহে হিয়াখনি,
মৰতৰ দেৱকন্যা!! যদি তোমাসাৰ কাৰো
আছে সেই শোক, তেনে হিয়াত শোকাগ্নি
লোৱাঁ, এই মালাধাৰি সন্তপ্তৰ শোক-অশ্ৰু
ভগ্নী হুমুনিয়া-সূতে গঁথা শোক-হাৰ:
হিৰণৰ কিৰণৰ ডিঙিত সাৱটি ধৰি
টোকাঁ আজি তোমাসায়ো চকুলোৰ ধাৰ॥’’

 মুঠতে “চকুলো” অসমীয়া সাহিত্যৰ ভৰালৰ এটি অভিনৱ সম্পদ; লেখকৰো কাব্যসমূহৰ ভিতৰত ইয়াত তেওঁৰ আপোনাৰ সুৰ অনেক গুণে সুমধুৰ সুমঙ্গল হৈ বাজি উঠিছে।

‘বাঁহী’ ১৩শ বছৰ, ১১শ সংখ্যা; ফাগুন, ১৮৪৫ শক।

⸻⸻