পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/২৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৩০
“চকুলো’’ কবিতা—হিতেশ্বৰ


“নতুবা সি পৰিশ্ৰান্ত হইছে নিদ্ৰিত;
মহা নিদ্ৰা লভিবা আজি, লইছে বিশ্ৰাম;
বিশ্ৰাম অন্তত পুনু উঠিব আকউ,
নতুন সাজেৰে লভি নতুন পৰাণ।”

 এইখিনিত ভাবৰ অগা-পিছা, পুনৰুক্তি আবি বেমেজালি লগা যেন কিবা বিষয় যদি আছে, তেন্তে তাতো পুত্ৰ-শোকত উতলা পিতৃৰ স্বাভাবিকতাই ফুটি ওলাইছে।

 অতি চেনেহৰ পুতেক সিপুৰীত থাকিবলৈ কবিয়ে যি নন্দন ৰাজ্যৰ সৃষ্টি কৰিছে, সি অতীব প্ৰশংসনীয়। এই কবিৰে “প্ৰাণৰ জিতেন” নামৰ কবিতাটি অসমীয়া কাব্য-আকাশৰ এটি ধুনীয়া তৰা। সেই জিতেনৰে অনুজ বিপিন যি ঠাইলৈ গৈছে তাত কেৱল চিৰসুখ চিৰশান্তি বিশ্বাজ কৰিছে!—

“উন্মুক্ত দুৱাৰ তাত কুবেৰৰ ভাণ্ডাৰৰ,
অন্নপূৰ্ণা ৰান্ধে নিজে মিষ্ট পৰমান্ন,
শান্তিৰূপা স্নিগ্ধ জল মা-সৰ্বমঙ্গলা ঢালে,
নিজে কৰে কামধেনু তাত দুগ্ধ দান।.....
মৰতৰ যত দুখ নাই তাত, নাই, নাই,
নাই তাত, ৰোগ-শোক ছাঁয়া বিষাদৰ;
নিতউ বসন্ত তাত কুলি কু-উ কু-উ গায়,
নন্দন বনত বহি অমৰাপুৰৰ॥”

 পুতেকৰ মাহেকীয়াৰ দিনা ব্ৰাহ্মণ-দৰিদ্ৰ আদিক বস্ত্ৰ-খন আদি দান দিয়াৰ হৈ তেওঁ কৈছে—

“মই অতি ক্ষুদ্ৰ কবি, কবিতাই ধন মোৰ,
তাৰে গাঁথি এই মালা, তাকে দিম দান।
পুত্ৰ-শোক-সন্তপ্তক, শোকাতুৰ জনকক,
চকু-লোৰ মালা কৰি সাদৰে আখ্যান॥
যদি কোনো আছাঁ আহাঁ, আহাঁ পুত্ৰ-শোকাতুৰ পিতা,
লোৱাঁ এই মালাধাৰি চকুৰ পানীৰে গঁথা!”