পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/২৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

“গল্পাঞ্জলি” সাধু—শৰৎচন্দ্ৰ

চুটি সাধুৰ দৰে কোনো কলা-বিদ্যাৰ এনে দীঘল ৰসাল বিতোপন বুৰঞ্জী আছে নে, সন্দেহৰ কথা। মানুহ-জীৱনৰ কাৰু-কাৰ্য্যৰ ই এক লাগতিয়াল সজুলি, শ্ৰেষ্ঠতম আধ্যাত্মিক গ্ৰন্থৰ ঘাই বাহন। সৰহ নহলেও বুদ্ধদেৱৰ কালৰ পৰা ই মহাপুৰুষসকলৰ ধৰ্ম্ম-সংস্কাৰৰ চোকা অস্ত্ৰৰূপে চলি আহিছে। কালিদাস শ্বেক্সপীয়েৰৰ কাব্য-নাটকৰ অনুপ্ৰেৰণাৰ উহ এই চুটি সাধুৱেই। জীৱনৰ নৰেই ই চিৰন্তন ও যুগৰ সলনিৰ লগত ইয়াৰ গঢ়ৰ সলনি হ'ব পাৰে, কিন্তু ই লোপ নাপায়।

 চুটি সাধুৰ উৰহি গছৰ ওৰটো বিচাৰিবলৈ গলে, সেই মন-মানুহে হাবিৰ পৰা ওলাই ইটোৱে সিটোৱে মেল পতাৰ পৰাই ধৰিব লাগিব পাৰে; পিছে আমি সিমান উজাই যাব নোৱাৰোঁ। দক্ষিণ আফ্ৰিকাৰ মৰুভূমি মহাদেশৰ চ’ত- ফুৰা জোপা-তলীয়া আৰু অষ্ট্ৰেলিয়ায় হাবি-তলীয়া ক’লা মানুহে কোৱা সাধু- বোৰত আমি চুটি সাধুকথাৰ অদিম গঢ়ৰ কাষ সহজে চাপিব পাৰোঁহঁক : সি আৰু তেতিয়া উপলুঙা কৰিবৰ কথা হৈ থকা নাছিল; সেই অন সভ্য যুগৰ মানুহে যি ওখ কল্পনা-লোকত উশাহ লৈছিল, তাক দেখি আজিৰ মানুহ বিচুৰ্ত্তি হোৱা আচৰিত নহয়।

 আজিৰ ভালেখিনি অপ্সৰাৰ সাধু সেই শিলা যুগৰ পৰা চলি অহাও হব পাৰে; আৰু আজি তেনেকুৱা যিবোৰ সাধু আমাৰ লৰা-ছোৱালী ওম- লোৱাৰ উপায় মাথোন, দুহাজাৰ বছৰৰ আগতে হয়। সেইবোৰ আমাৰ অন-সভ্য পূৰ্ব্বপুৰুষসকলৰ গহীন ধৰ্ম্মবিশ্বাস আছিল। সেইদৰে, উপকথাৰ কথা-কোৱা জীৱ-জন্তুবোৰ আমাৰ পূৰ্বপুৰুষসকলৰ হাস্যময় ইষ্ট-দেৱতাৰ নিৰ্দ্দোষ প্ৰেতাত্মাও হব পাবে। অন-সভ্য আৰু শিশু-কল্পনাৰ শক্তি আৰু গুণ প্ৰায় সমান আৰু একে; দুয়ো এনে অভিনৱ ভাব-জগতত উটি ফুৰে যে তাত অতি বনৰীয়া ইচ্ছাটোও ধৰা পৰা একো অদ্ভুত কথা নহয়, আৰু অতি অসম্ভৱ কল্পনা এটায়ো সাধু-কুশলীৰ পৰা তেজ-মঙহ লৈ সত্যৰ মুখা পিন্ধি ওলাব পাৰে; সেই বাবেই এই সাধুবোৰ লৰা-ছোৱালীৰ কাৰণে ইমান আনন্দ- দায়ক। জীৱনৰ আৰু জাতিৰ শৈশৱ অৱস্থা একেই।