পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/২২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

অসমীয়া সাহিত্যৰ অধ্যয়ন

“কদম-কলি” কবিতা—লক্ষ্মীনাথ

ভুবন-ভুলোৱা বাঁহীৰ উত্ৰাৱল সুৰ যি গছত চিৰকাল বাজিব লাগিছে, কদম- কলি তাৰ মুৰ্ত্ত বাসনা। কিন্তু ই কলিয়েই,—পূৰ্ণিমাৰ জোনৰ পূৰ্ণবিকাশৰ মুকলি সৌন্দৰ্য্য নহয়, দ্বিতীয়াৰ জোনৰ সূচনামূলক চিকুণ ললিত কলাহে।

 “কদম-কলি” ৰচোঁতা শ্ৰীলক্ষ্মীনাথ বেজবৰুৱা দেৱ সাধাৰণ বিচাৰত কবি বুলি পঢ়ুৱৈ সমাজত সিমান পৰিচিত নহয়; তেওঁৰ অপূৰ্ব্ব কথা-সাহিত্য- প্ৰতিভাই তেওঁৰ কবিত্বৰ জেউতি প্ৰায় ঢাকি পেলাইছে। গদ্যতো কবিতা থাকিব পৰা কথা পতিয়াবলৈ যিসকল সৈমান, সেইসকলৰ বাবে এখেতৰ কবিত্ব অচিনাকি কথা নহয়; কিন্তু অকল পদ্যতহে যিসকলে কবিতা বিচাৰে, সেই- সকলক তেখেতৰ কবিতাৰ একেখনি পুথি ‘কদম-কলি’য়ে অকপট নিমন্ত্ৰণ জনায়।

 ইংৰাজী সাহিত্যৰ নৱ নৱন্যাস আন্দোলনৰ তৰুণ অৰুণৰ তেতিয়াও উদয় হোৱা নাই, এনেতে ওঠৰ শতিকাৰ প্ৰায় সোঁমাজ আৰু শেষ ভাগত গ্ৰে, গল্ডস্মিথ, কুপাৰ, বাৰ্ণছ, ব্লে’ক আদি কেইটিমান পুৱতীয়া চৰায়ে সাহিত্য-কুঞ্জত গাইপতি আপোন সুৰৰ দুই এটি ৰাগিণী জুৰিছিল। কিন্তু সেই গীতত সৰহ প্ৰাণীয়ে ঢাৰি-পাটি তেতিয়াও নৌ এৰে; পিছত উনৈশ শতিকাৰ প্ৰাৰম্ভ হবলৈ ধৰাৰ পৰা যেতিয়া ৱৰ্ডছৱৰ্থ, কলেৰীজ, ছাদী, বাইৰণ, শ্যেলী, কীটচ্ছ আদিয়ে এইবাৰ একে লালিয়ে এই নৱ-যুগৰ আৱাহন-গীত গাবলৈ ধৰিলে, প্ৰকৃতি হঠাৎ নবীন উৎসৱময়ী হৈ উঠিল!—এই উৎসৱৰ প্ৰসাদ অইন দেশ- বিদেশেও হেমাতাৰে কঢ়িয়াবলৈ ধৰিলে।

 এই আন্দোলন যে কিবা নোহোৱা-নোপজা কথা এনে নহয়; মাজতে গতানুগতিক ৰীতিৰ হেচাত মানুহ হৃদয়ৰ দুখ-দুখৰ কথাই মুক্ত স্ফুৰণৰ সকাহ পোৱা নাছিল, ইমামেই। ইংৰাজী সাহিত্যত এই আন্দোলনে এক ঐশ্বৰ্য্য- শালী যুগৰ সূচনা কৰিছিল। ইংৰাজী শিক্ষা বিস্তাৰ আৰু প্ৰভাৱৰ লগে লগে ভাৰতৰ আন আন প্ৰদেশৰ দৰে অসমো সৰহ দিন এই প্ৰসাদৰ পৰা বঞ্চিত হৈ থাকিবলৈ নাপালে। উনৈশ শতিকাৰ বেলি ভাটি দিয়াৰ লগে লগে অসমীয়া