সৰ্ব্বসংশয়াঃ।” “ছিগিল হৃদয়-গ্ৰন্থি, গুচিল সংশয়।” এই তীৰ্থৰ বৰ্ণনা পঢ়ি “কীৰ্ত্তন”ৰ “ধ্যানবৰ্ণন’’লৈ মনত পৰে আৰু এই “আনন্দ-তীৰ্থ’’ যে বৈকুণ্ঠৰে নামান্তৰ মাথোন তাত সংশয় নাথাকে।
এইদৰে ইয়াৰ “মহাত্মা’’, “প্ৰপঞ্চ", “সেৱা-লহৰী” আদি কবিতাও বিশেষ ওখ খাপৰ। বেদান্ত, উপনিষদ আদিৰ চৰম ভাববোৰ হৃদয়ঙ্গম কৰিব পৰা মন নহলে “বীণ-বৰাগী’’ৰ সকলো সৌন্দৰ্য্য ভালকৈ উপলব্ধি কৰা নহয়; কবিৰ কল্পনাত যি “চৈধ্য ভুবনৰ মিলনৰ ঢৌ বায়ুৰে ফুৰিছে খেলি” আৰু তাত প্ৰতিভাত হৈ পৰিছে যি “মুকলি মনৰ মানৱী মূৰ্ত্তি অকলঙ্ক মধুৰিমা”, তাক দেখা পোৱা টান। “কদম-কলি’’ৰ কবিৰ দৰে “বীণ-বৰাগীৰ” কবিও কবিয়েই, আৰু বৰ্ত্তমান অসমীয়া সাহিত্যত শীৰ্ষস্থানীয়। কিন্তু দুয়ো জনত শিল্পৰ চেষ্টাৰ অভাৱ অ’ত ত’ত সাক্ষ্য কৰিব পাৰি। হলেও, তাত ডাৱৰৰ মাজত খন্তেকলৈ কবিতাৰ অৰুণ-ৰাগ লুকাই থাকিব পাৰে, কিন্তু হেৰাব নোৱাৰে--“এতিয়াও সউ মাৰ যোৱা নাই ধৰ্ম্মৰ ৰাঙলি বেলি। মৰমৰ টানে আনিব সাঙুৰি, মাতাঁ দুই বাহু মেলি।” আকৌ কৈ থোৱা হওক—প্ৰজাতন্ত্ৰ, মানী স্নেহ, মৰমেই গৰম কবিৰ বীণব বাণী। গোত। সকলো মনস্বীৰ বাণীয়েই সদায়েই এনে ৰূপেই আত্মপ্ৰকাশ কৰে। ‘বীণ-বৰাগী’ কবিয়ে এই বাণী প্ৰচাৰত সহায় কৰাত আমি গৌৰৱান্বিত। তথাপি এই বাণী অকল অসমীয়া জাতিৰ বাবে আচুতীয়া হব নোৱাৰে, ই সদৌ মানৱ জাতিৰ বাবে। কবিয়ে প্ৰাণৰ আবেগেৰে গাইছে—
“মোৰেই মুখেদি মানৱ প্ৰাণৰ ফুটক আকুল মাত।
মোৰ চিন্তাতেই গূঢ় ৰহস্যৰ সত্য হক প্ৰতিভাত॥”
আমিও আশা কৰোঁ কবিৰ এই সপোন সচিতত পৰিণত হওক।
“বাঁহী’’, ১৮শ বছৰ, ৭ম সংখ্যা; কাতি, ১৮৫১
⸻⸻