পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/২২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২২০
অসমীয়া সাহিত্যৰ অধ্যয়ন


সাহিত্যত ইংৰাজী সাহিত্যৰ প্ৰভাৱ পৰিবলৈ ধৰে, আৰু সেই শতিকাৰ শেষ ছোৱাৰ পৰা তাৰ সাঁচ অসমীয়া সাহিত্যত ভালকৈ মন কৰিব পৰা হল। “কদম- কলি’’ৰ ৰচনাৰ আৰম্ভণ সেই কালৰে।

 “জোনাকী” কাকতেই সণ্ঢালনিকৈ অসমীয়া অনুবাদমূলক কৱিতাৰ সৰবৰহী প্ৰথম মৌ-কোঁহ বুলিব লাগিব। এনে বিধৰ ৰচনা ইংৰাজী সাহিত্যৰ পোনপটীয়া প্ৰভাৱৰ ফল। সেই ফালৰ আগত ভাৰতীয় সাহিত্যৰ থাপনা সকলো পোনে আদৰ্শবাদৰ ভেটিৰ ওপৰত পতা হৈছিল; দিনেকীয়া জীৱনৰ হাব-ভাব আদিয়ে তাত পেলোৱা ছাঁৰ দেখা-দেখিকৈ গম ধৰিব নোৱাৰি। তাত বাস্তৱতা বা গুটীয়া অভিজ্ঞতাৰ ভাঁজ থকা কথাৰ ভেজনি নিশ্চিতভাৱে পছিমৰ। ‘কদম-কলি’ৰ চুমা, প্ৰিয়তমা, প্ৰিয়তমাৰ সৌন্দৰ্য্য, ভ্ৰম আদি প্ৰেমৰ মূৰ্চ্চনা ভৰা কবিতাবোৰ পঢ়ি ঘনে ঘনে আমাৰ উনৈশ শতিকাৰ শেলী আদি আৰু সোতৰ শতিকাৰ আদি-কালৰ দুই এজন কবিৰ কবিতালৈ মনত পৰে।

 আধুনিক অসমীয়া সাহিত্যৰ ওপৰত ইংৰাজী সাহিত্যৰ আন এটি ছাঁৰ চিন, ছন্দ-বৈচিত্ৰ্য। অসমীয়া কবিতাত আগতে মাথোন কেইটিমান ধৰা-বন্ধা ছন্দ আছিল, কিন্তু এই সময়ৰ পাছৰ পৰাই ছন্দৰ স্বাধীনতা আমাৰ সাহিত্যত সোমায়। ইয়াৰে ফল স্বৰূপে, কেৱল, দুলড়ি, লেচাৰী, পদ, আদিৰ উপৰি লেখকৰ নিজৰ ৰুচি অনুযায়ী লিখাৰ বাবে আমাৰ ছন্দৰ সম্পদ বাঢ়িবলৈ, ধৰে। বঙালী সাহিত্যিক ৰবীন্দ্ৰনাথৰ কবিতাই যি ছন্দ-সম্পদ দান কৰিছে, তাৰ গুৰিত ইংৰাজী ছন্দৰ অনুকৰণ যথেষ্ট আছে। মুঠতে, এই আবিষ্কাৰৰ বাবে অসমীয়া কবিতাৰ পৰিধিও আৰু বাঢ়িল, আৰু লগে লগে বৰ্ত্তমানৰ উপযোগী বিবিধ বিষয়ত মুক্তভাৱে লিখনী চলাবলৈ লেখকসকল ভালেখিনি মুকলিমূৰীয়া হৈ পৰিল। “কদম-কলি”ৰ কবি এই বিষয়তো এজন আগৰণুৱা।

 “জোনাকী” যুগ ঘাইকৈ ইংৰাজী প্ৰভাৱৰ যুগ সচা; তথাপি এই যুগতে বঙলা ভাষাৰো হেঁচা অসমীয়া ভাষাত বৰকৈ পৰিছিল। সৰহ কি, এই পিছৰ হেঁচাই আমাৰ জাতীয়তাকে সঙ্কটাপন্ন কৰি তুলিছিল। পঢ়াশালি আৰু আদালতৰ পৰা ভালেমান কাল খেদা খাই থকা অসমীয়া ভাষাৰ অৱস্থা প্ৰায় এই কালতো পুতৌ-লগা, আৰু তেতিয়াৰ সকলো শিক্ষিত লোকেই পঢ়াশালিত বঙলা পঢ়া। এই প্ৰতিকুল অৱস্থাতে বৰ্ত্তমান অসমীয়া সাহিত্যই নিজ কেচুৱা কাল কটাব লগা হয়। কিন্তু সুখৰ বাতৰি এয়েহে, এনে বৈষম্যৰ ঘাত-প্ৰতি-