পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩
ধাই নাম


“বােপাইলৈ আনিছোঁ শালৰ বৰকাপােৰ, আইলৈ আনিছোঁ খাৰ।
ককাইলৈ আনিছোঁ পাটৰে টঙালি, বৌলৈ বাৰ্হনিটাৰ ॥’’

বাহিৰৰ গঢ়ত “অ’ ফুল। অ’ ফুল! নুফুল কিয়" গীতটিৰ লগতো ইয়াৰ সাদৃশ্য সুন্দৰ৷

 তাৰ পাছত, মহাদেৱ-পাৰ্ব্বতীৰ নাম। পােনেই পগলা-পাগলীৰ দন্দ, তাতে গীতটিৰ আৰম্ভ; কিন্তু সুখৰ কথা, দুইৰো পুনর্মিলনত ইয়াৰ সমাপ্তি হৈছে৷ পৃথিবীৰ অতুল ঐশ্বৰ্য্যৰ অধিকাৰী হিমাদ্রিৰ কন্যা মহাদেউৰ ঘৰলৈ আহি কেতিয়া ক'ৰ পৰা কুঁচি আনি তাঁত বাটি কৰিবলৈ শিকিলে, আমি তাৰ ভু নাপাওঁ; নিজ ঘৰৰ চোতাল এৰি নাে তেতেলিৰ তললৈকে বা তাঁত বাটি কৰিবলৈ কিয় যাব লগা হল, তাকো নাজানাে। হয় ভিকহু শিৱৰ ঘৰত যে তাঁত বাটি কৰিবৰ জোখাৰেও আহল-বহল চোতাল এখন নাছিল, তাকে দেখুৱাবৰ কাৰণেই। সি যি হওক, আমি পােনেই দেখোঁহি যে পাৰ্ব্বতীয়ে তেতেলি তলত কুঁচি পাহৰি আহি আসন্ন বিপদৰ আশঙ্কাত, কি কৰিব ভাবিছে। এই আসন্ন বিপদ, পােনপটীয়া কথাৰে কবলৈ হলে, স্বামীৰ মাৰ-কিল; “কুঁচিৰে লগতে পগলাই কিলাব !” গতিকে স্বয়ং মহাদেৱৰো ⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺

  • ইংলও আৰু স্কটলেণ্ডৰ সৰবৰহী এন এফাকি চহা গীতৰ লগত এই গীতটিৰ অতি অপূৰ্ব্ব

মিল দেখিবলৈ পোৱা হয়ঃ—

'O what will you give to your father dear?'
The silver shade steed that brought me here,
'What will you leave to your mother dear?
My velvet pall and my silken gear.'
What will you leave to your sister Anne?
My silken scarf and my gowden fun.
"What will you leave to your sister Croce ?
My bloody cloths to wash and dress."
What will you leave to your brother John ?"
"The gallows-tree to hang him on
"What will you leave to your brother John's wife?"
"The wilderness to end her life.'
(First quoted by this author in 1924)