পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/২৩

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৪
অসমীয়া সাহিত্যৰ অধ্যয়ন

যে আজি-কালিৰ অসমীয়া পুৰুষৰ বীৰত্ব অর্থাৎ “ঘৈণীৰ ওপৰত বৰ মটা" বােলােৱা প্ৰভাৱ আছিল, তাক অনায়াসে ধৰিব পাৰি। গিৰিৰাজ-দুহিতাৰ কাৰণে এডাল কুঁচিনো কি কথা, অথচ তাৰ কাৰণেই এই ঘােৰ অপমান। আজিকালিৰ পাশ্চাত্য শিক্ষিতা কোনাে হােৱা হলে নিশ্চয় স্বামীৰ বিৰুদ্ধে বিচ্ছেদ আৰু মানহানিৰ বাবে আদালতৰ আশ্রয় গ্রহণ কৰিবলৈকে হয়বা মনত থিৰ কৰিলেহেতেন; কিন্তু সৌভাগ্যক্রমে নাঙঠ মহাদেউৰ ঘৈণীয়েক ইমান সভ্য নাছিল ; গতিকে তেনে অৱস্থাত স্বামীৰ ঘৰৰ আগন্তুক বিপদৰ হাত সাৰিবলৈ নিৰাশ্ৰয়া অসমীয়া তিৰুতাই যি উপায় কৰিব পাৰে, তাকে কৰিবলৈ তেওঁ মনত পাঙিলে—'যাওঁ আইৰ ঘৰলৈ গুচি।”

 কিন্তু মহাদেৱো কম সিয়ান নাছিল ;-হয়বা সেই সময়ত তেওঁৰ ভাং- ধুতুৰাৰ জাল অলপ পাতলেই আছিল। তেতিয়াই হাই-হুই বাঢ়ি গল, অৱশ্যে সৌভাগ্যক্রমে সি মৌখিকতে আৱন্ধ থাকিগল; কিন্তু কাজিয়াখন যে বুৰঞ্জীত ঠাই পাব লগীয়া তাত সন্দেহ নাই। এপিনে অন্নপূর্ণা গৌৰী, আনপিনে যােগেশ্বৰ মহাদেৱ ; কাজিয়া ডাঙৰ হবৰ কথাই। এই ঘটনাত চহা কবিৰ কল্পনা যিমান ওপৰলৈকে উধাব পাৰে উধালে; শেহত আমি প্রথমতে পােৱা “গীতমতে পাৰ্ব্বতীৰ জয়লাভ, আৰু পাছত পােৱা গীতমতে, তাতােকৈ উজাই আহি শিৱৰ জয়-প্রতিষ্ঠাত গীতটি শেষ হৈছে। যেনেকৈয়ে হওক, শেষত যে পাৰ্ব্বতীয়ে মেনকাৰ ঘৰলৈ যােৱাৰ কথা পৰিত্যাগ কৰিলে, আমি তাতেই আশ্বস্ত হৈছোঁ।-

‘জৰাৰ কুমলীয়া পাত, ঐ পগলা,
 জৰাৰ কুমলীয়া পাত।
এৰাওঁ এৰাওঁ বুলি  এৰাব নােৱাৰোঁ,
 এই নো পগলাৰে হাত।।”

 হৰ-গৌৰী বিষয়ক এই নামটি আৰু এনে আন নামবোৰত ঘাইকৈ লক্ষ্য কৰিব লগা প্রথম কথা নিশ্চয় এইবােৰৰ ঘৰুৱা ভাব-ভঙ্গী। ইয়াত গাঁৱলীয়া কবি-প্রতিভাই হৰ-গৌৰীক প্ৰাণৰ ভক্তি আৰু হেঁপাহেৰে এনেদৰে সজাইছে যে, এওঁলােকক সেই অন্নপূর্ণা আৰু যােগেশ্বৰ, বা "কুমাৰসম্ভৱৰ” সেই অপূৰ্ব্ব তপস্বিনী আৰু তাপস বুলি চিনিবৰ সাধ্য কাৰ? সৰহ নকওঁ, হৰক আনি