অসমীয়া সাহিত্যৰ অধ্যয়ন
অসমীয়া সাহিত্যৰ অধ্যয়ন
মাটিত বৈ পৰা দীঘল চুলিটাৰ মেলি এই হিয়া-ভেদা বিননিটি টানিছিল কব
নােৱাৰোঁ সঁচা, কিন্তু এইটো হলে বুকু ডাঠি কব পাৰোঁ যে প্রবাসী অসমীয়া
মাত্রই স্বৰূপভাৱে গােৱা এই বিননিটি শুনিলে, তেওঁৰ প্ৰাণ অনুভূতিৰ চোকা
ৰ’দত মৰহি যাব খুজিব আৰু সহস্ৰ যোজনৰ দূৰত থাকিলেও, সেই বতাহৰ
ঢৌত নাচিব খােজা কোমল গহীন আগলি কলাপাতখিলিৰে, কলনিৰে বেৰা
জুপুৰিটি এবাৰ চকুৰ আগন্তু ওপঙি উঠি অদৃশ্য হব।
“জোনবাইৰ আগৰে একেটি তৰা” নামষাৰি সৰুতে শুনি ঘাইকৈ ‘‘গঠীয়া
দৰা” আৰু বৌৱেকে ননদৰ ‘‘মূৰতে তলীয়া ফালোঁ।” বোলা কথা কেইষাৰি
শুনি বৰ আমােদ উপভােগ কৰিছিলোঁ। তেতিয়া, দেহি ঐ ! এক মুহুর্ত্তৰ
কাৰণেও যদি জানিলোঁহেতেন এই দুফাকি কথা মুখত ওলাওঁতেও কি
অন্তৰ্জালাত এই অলসুৱা ননদৰ বুকু ফাটি যাৱ খুজিছিল !! কোন ন-
বােৱাৰীয়ে পৰৰ বাৰীৰ পিছফালে ওলাই, জোনলৈ চাই আমনে-জিমনে
মনতে ইনাই-বিনাই এই গীতটি ৰচিছিল,—কিন্তু জননীৰ ইচ্ছাৰ বিৰুদ্ধেও
ভূমিষ্ঠ হোৱা সন্তানে কান্দি কোঢ়াল লগােৱাৰ দৰে, তেওঁৰ মনৰ ভাবটিয়ে
বাগ্মিতা লাভ কৰি চন্দ্ৰ মণ্ডল পর্যন্ত কঁপাই তুলিলে। তেতিয়া নিশ্চয়
বঙাল দেশৰ দৰা-কিনা প্ৰথাৰ দৰে আমাৰ দেশত ছোৱালী-কিনা নিয়মে ইতৰ
সমাজৰ মুখত কলঙ্কৰ ছাই সানিছিল; আৰু এনে কোনো কাৰণতে নিশ্চয়
মাক-বাপেক আৰু ককায়েকৰ অতি আলৌ-লৌৱা কান্দি-ভাত-খোৱা তিয়ঁহৰ
জালি যেন ছােৱালীটী ‘‘গঠীয়া দৰাত” পৰিবলৈ পাইছিল। ‘‘এনেয়ে মেকুৰী
গেলা। তাতে পৰিছে চাঙৰ পৰা।” এনেয়ে গঁঠীয়ালৈ পৰিছে এই তিয়ঁহৰ
জালি যেন ছােৱালীটী, তাতে আকৌ গঁঠীয়াৰ বৰ কথা । অৱস্থাটো যে
অসহনীয়, তাত সন্দেহ নাই। তেনেহলে, ঘৰৰ ছােৱালী আকৌ ঘৰলৈকে
গুচি যাব, খঙৰ বেগত ইয়াকে থিৰ কৰিলে। কিন্তু ঘৰত গৈ কি পাব, পিছ
মুহূৰ্ত্ততে এবাৰ ঘূৰাই ভাবি চালে! মাক-বাপেক ককায়েক সকলােৱে কিমান
আদৰ-সাদৰকেনো নকৰিব। গতিকে মাকৰ ঘৰলৈ যেনে-তেনেকৈ কিয়
যাব ? যাব ‘‘ভৰি পখালি।” এওঁলােকৰ কথা ভাবি আশ্বাস পালে হয়, কিন্তু
বৌৱেকৰ ওলটা মৰমৰ ব্যৱহাৰলৈ মনত পৰি হােৱা-ভাত তেনেই চাউল
হল। তথাপি আমাৰ “ননদো” তাৰ বাবে তেনেই পৰিমৰা নহয়; তেৱোঁ
তাৰ জোৰায়-জোখায় পাঙিলে।-