পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/২১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০৭
“প্ৰতিমা’’ কবিতা—চন্দ্ৰকুমাৰ

 “অতৃপ্তি” কবিতাত ইংৰাজ কবি টেনিছনৰ দৰে, কবিয়ে স্বৰ্গীয় নিৰাশাৰ অতল তলি বিচাৰিছে, “অতৃপ্তিৰ নই বই তৃপ্তিৰ সাগৰ; বিচাৰি কেতিয়া পাব অন্ত ভাগৰৰ।” “অকলশৰীয়া’’ কবিতাত “অকলই উৰি উৰে প্ৰাণৰ পখীটি, কল্পনা-বিহাৰী” বুলি প্ৰাণ-পখীৰ, “প্ৰকৃতিৰ হিয়া যেন বৈৰাগ্য আধাৰ” আৰু “কোলাহলপূৰ্ণ কিন্তু নিমগ্ন” অশেষ মানুহৰ যাৰ আৱিষ্কাৰৰ কথা বৰ্ণাইছে। “শূন্য ৰহস্যত” লগ-হেৰোৱা মানুহ-প্ৰাণৰ বাবে সংসাৰ সচাকৈয়ে এক “জনপূৰ্ণ নিৰ্জন।” “চিৰলগৰীয়া’’ কবিতাত ইমান দিনে জীৱনৰ সঙ্গী বিচাৰি শেষত নিজ হিয়াতে পালে; তেওঁ আন কোনো নহয়, “সংসাৰৰ দুখে দুখে লগৰীয়া মোৰ, পৰম বান্ধৱ এই আশ্বাস আতমা।” সেইদৰে “জীৱনৰ লগৰীয়া’’ কবিতাত, যাক “সুন্দৰৰ আৰাধনা তোমাতে অৰ্পিম,” “আকাশ পটত উঠি জোনাবাইৰ দৰে’ প্ৰচাৰিবাঁ জগতত মৰমে ধৰম” বোলা হৈছে, কবিৰ এই “সকলোৰে অধিষ্ঠাত্ৰী’’ আন কেও নহয়, “আনন্দৰ নিজৰনি তুমি প্ৰাণ মোৰ।”

 এইদৰে স্বৰূপতে চন্দ্ৰকুমাৰ এজন তত্ত্বদৰ্শী কবি, তেওঁৰ কবিতাৰ ভাব সাধাৰণ আৰু উপৰুৱা নহয়। সৃষ্টি আৰু জীৱনৰ তত্ত্বমূলক বিষয়ত তেওঁ সুনিপুণ কবিৰ দৰে এটা চেতনা জগাই তুলিব পাৰে, এয়ে তেওঁৰ মহত্ত্বৰ লক্ষণ। বৰঘৰ শুৱনী জীয়ৰী এটীক উলিয়াই দিওঁতেও কবি ‘আশীৰ্বাদ’ত কত তত্ত্ব, কত কথাইনো ফুটি নুঠিল!—

গহীন মুখৰ ভাৱ দেখি আজি তোৰ, জানিলোঁ নহয় স্থায়ী একো।
স্নেহে-ঢকা সংসাৰৰ তত্ত্ব কোনে লব, মৰমৰ ছঁয়া-বাজী চাব?
দেখিছোঁ যি, এয়ে ৰূপ নহয় ইয়াৰ, কত ৰঙ্গ ধৰিব, সলাব।
হাঁহি খলখলি গৈ কান্দিবও পাৰে, ধেমালিৰে চলে নে সংসাৰ?
ধেমালি! ধেমালি মাথোঁ গোটেই জগত, এদিনতে একুৰি বছৰ!
আকাশৰ তলে মোৰ ধেমালিৰ ঘৰ, বিশ্বৰ ছোৱালী-লৰা সঙ্গী,
ভাই-ভনী লই মোৰ সংসাৰৰ খেল, কোনে চাব মোৰ ভাও-ভঙ্গী।...
ধেমালিৰ সেকা মোক নেদেখুৱালি কেনে, তয়ো মোক এৰি যাব খোজ?...

 কিন্তু পাছ মুহুৰ্ততে কবিয়ে বুজিলে, ঈশ্বৰৰ ইচ্ছাতকৈ একোৱেই অধিক শ্ৰেষ্ঠ হয় নোৱাৰে। কবিয়ে কব খুজিছিল, “সংসাৰৰ বিচিত্ৰ গতিত