পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/২১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২০৮
অসমীয়া সাহিত্যৰ অধ্যয়ন

পাহৰিলি, ধুলি-ধেমালিৰ ভাইটিকো।’’ কিন্তু ততালিকে বুজিলে যে ঈশ্বৰৰ বিধানতকৈ একোৱেই অধিক বিচিত্ৰ আৰু অধিক সুন্দৰ নহয়। তেতিয়া বৈবাহিক জীৱনৰ অতি মহৎ উদ্দেশ্য, পৱিত্ৰ কৰ্ত্তব্য, আৰু ঘৈণীৰ তাত কি ভাগ, সকলে একেলগে মনত পৰিল, আৰু ভাদ-মহীয়া ব্ৰহ্মপুত্ৰৰ ভৰ সোতৰ দৰে সি কবিতাত ববলৈ ধৰিলে—

ঈশ্বৰৰ জীয়, দিব ঈশ্ববেই দিহা, কিন্তু মোৰ মনাই নুবুজ?
সংসাৰত ঈশ্বৰৰ কাৰ্য্য কৰিবলৈ, মানুহক দিবলই ছাঁয়া;
ঘৰ এৰি গলি তই, কিহৰ বেজাৰ? বিশ্ব জুৰি মলিয়াওক দয়া।
সংসাৰ-মৰুৰ শ্যাম বট বৃক্ষ ৰূপা, সন্তাপীৰ সুখ, পাপীৰ ত্ৰাণ;
পুণ্যবাট দেখুৱাতী সৰগ জীয়াৰী, আগ বাঢ়াঁ কৰি শান্তি-দান!
তৃষিত নৰত মুখে ঢালিবা পীয়ুষ, অন্ন দিবা অন্নপূৰ্ণা হই—

 বৰ্ত্তমান অসমীয়া কবিতাৰ এনে (ছব্লাইম) মহৎ দহোটি শাৰী আন কোনো লেখকত সহজে পোৱা নহব। “বিশ্বজুৰি মলিয়াওক দয়া,’’ “সংসাৰ-মৰুৰ শ্যাম বট বৃক্ষ ৰূপা,” “তৃষিত মৰত মুখে ঢালিবা পীয়ুষ” এনে ভাব আৰু ভাষা এক মাত্ৰ “প্ৰতিমাৰ’’ পৈণত খনিকৰৰ বাহিৰে আনব পৰা ওলাব নোৱাৰে। বৰ্ডছৱৰ্থৰ “কবিতাই জ্ঞানৰ আদি আৰু অন্ত, ই মানুহৰ হৃদয়ৰ দৰে অমৰ’’ বা ডক্টৰ জনছনৰ “প্ৰতি মহৎ গ্ৰন্থই আমাক জীৱনৰ উপায় শিকাব লাগিব’’ আদি বাণী যেন এনে ৰচনাৰ ভিতৰেইহে সাৰ্থক হয়!

 “প্ৰকৃতি কবিতাত গুটীয়া সুখ-দুখ, হৰিষ-বিষাদ, জীৱন-মৰণৰ প্ৰতি সি যে নিৰ্ব্বিকাৰ, “ক'ৰ কোন কিবা হল, চিন স্মৃতি পমি গল, প্ৰকৃতি যে তেনেকৈয়ে ৰল,” তাকে সুন্দৰ উপমাৰে বৰ্ণাৱা হৈছে। “শান্তি’ কবিতাত “প্ৰেম মৃত্যুঞ্জয়’’, প্ৰেম “স্পৰ্শমণি সংসাৰৰ”, “পেমেইহে শাস্তি জগতৰ”; তদুপৰি শান্তি নিজ হৃদয়ৰ বস্তু, “আপোনাৰ ঘৰ’’, আৰু “সংসাৰৰ উপেক্ষা ৰাশি’ “বাটৰুৱা লোক’’ আৰু আমাৰ “অভিমান ভৰা হৃদয়ত, বিন্ধিবতো উপেক্ষাৰ বাণে। আমি হেৰা নৰ সংসাৰত দাসৰো যে দাম নাজানানে?’’ “ইচ্ছা” কবিতাত "কি ভয় মৰণে-বণে, ইচ্ছা সৰ্ব্বদলাঁ” আৰু “কৰ্ম্মদেৱ’’ত “শক্তিৰ সন্তান মই নোহোঁ আৰু কেও’’ এই দুটি নতুন সত্যজ্ঞাপক বাণী।